/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, জোনাই: জোনাই মহকুমাৰ সীমান্তৱৰ্তী কেমি গাঁৱৰ চিকা নলাত গা ধুবলৈ গৈ এটি শিশুৰ শোকাবহ মৃত্যুক সাৱটি লয়।
জানিব পৰামতে জোনাই মহকুমাৰ কেমি গাঁৱৰ ধনশ্বৰ পায়েঙৰ ছয় বছৰীয়া পুত্ৰ মুকেশ পায়েঙে সমনীয়াৰ সৈতে কেমি গাঁৱৰ সমীপৰ চিকা নলাত গা ধুবলৈ গৈ বুধবাৰে বিয়লিৰ পৰা নিখোঁজ হৈ আছিল।
জোনাই আৰক্ষী, এচ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই নিশা প্ৰায় বাৰ বজাত শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ছয় বছৰীয়া শিশুটিৰ গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাবটি লোৱা শোকাবহ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়।
আৰু পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক ভাবুকি প্ৰদান কৰি ৰঙাঘৰৰ আলহী যুৱক…