/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jjjjj.jpg)
ডিজিটেল সংবাদ, জোনাই : দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তী উপলক্ষে আজাদি কা অমৃত মহোৎসৱ উদযাপনেৰে দেশজুৰি উখল মাখল হৈ থকাৰ সময়তে বান বিধ্বস্ত ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইৰ মহকুমাত যাতায়াতৰ নামত গঞাই জীয়াতু ভুগি জীৱননিৰ্বাহ কৰিবলগা হৈছে।
এক প্ৰকাৰ দেশৰ স্বাধীনতাৰ পিছতো এখন সুচল যাতায়াত ব্যৱস্থাৰ পৰা বঞ্চিত দুৰ্ভগীয়া ৰাইজৰ বাবে স্বাধীনতাৰ অমৃত গৰল হৈ পৰিছে। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে জোনাই বিধানসভা সমষ্টিৰ ডেকাপামৰ এক নং মোহনবাৰী গাঁও অঞ্চলত।
বিকশিত ভাৰত তথা অসমৰ এই গ্ৰামাঞ্চলৰ ভোটাৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হোৱাৰ পিছতো গা লৰা নাই চৰকাৰ, জনপ্ৰতিনিধি তথা প্ৰশাসনযন্ত্ৰৰ। ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ ডেকাপামৰ এক নং মোহনবাৰী গাঁৱৰ যাতায়াতৰ নামত জৰাজীৰ্ণ বাঁহৰ দলঙেই একমাত্ৰ ভাৰসা।
যাতায়াত নামত বোকা-পানী উপচা পথ আৰু বাঁহৰ দলঙে বাৰুকৈয়ে জলা খলা খুৱাইছে গাঁৱৰ ৰাইজক।
মুঠতে মোহনবাৰী পৰা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ সংযোগী তথা অঞ্চলটোৰ বহি:যোগাযোগৰ একমাত্ৰ পথছোৱা আজিও পকীকৰণ নোহোৱাত আৰু পথৰ ওপৰত থকা চেৰেং নদী আৰু কুৰ্চাবিল নৈৰ ওপৰত পকী দলং নোহোৱাত ৰাইজে বোকা-পানী গছকি দুৰ্বিষহ যাতায়াত কৰিবলগা হৈছে। ডেকাপামৰ এক নং মোহনবাৰী গাঁও অঞ্চলৰ গঞা ৰাইজে এই পথত নিতৌ দুখন জৰাজীৰ্ণ বাঁহৰ দলঙৰে বিপদ সংকুল যাতায়াত অব্যাহত ৰাখিছে।
উল্লেখ্যযোগ্য যে জোনাই বিধানসভা সমষ্টিৰ ডেকাপামৰ অঞ্চলৰ এক নং মোহনবাৰী, দুই নং মোহনবাৰী হৈ হস্তীনাপুৰ আৰু চেৰেং চাপৰি লৈ মুঠ পোন্ধৰখনতকৈ অধিক গাঁৱৰ ৰাইজে এই জৰাজীৰ্ণ পথ আৰু বাঁহৰ দলঙৰে যাতায়াত কৰে। তদুপৰি অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলেও নিতৌ স্কুল-কলেজলৈ যাবলগা হয় এইখন জৰাজীৰ্ণ বাঁহৰ দলঙৰে। ৰাইজে প্ৰতি বছৰে বাঁহ দলং নিৰ্মাণ কৰি যাতায়াতৰ কৰিবলগা হয়। ফলত চৰকাৰ থাকিও নথকাৰ দৰেই অঞ্চলটোৰ ৰাইজে জীয়াই থাকিব লগা হৈছে।
ফলত অঞ্চলটোৰ ৰাইজে স্থানীয় নদী দুখন উন্নত মানৰ দলং নিৰ্মাণৰ লগতে এখন পকীপথৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে গঞা ৰাইজে। সেয়েহে মোহনপুৰ গাঁওবাসীয়ে পথছোৱা পকীকৰণ কৰাৰ লগতে স্থানীয় নদ দুখনৰ ওপৰত পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।
আৰু পঢ়ক: স্বাধীনতাৰ প্ৰাকঃক্ষণত ব্ৰহ্মপুত্ৰত শুৱালকুছি নদী আৰক্ষী-ৰাইজৰ নৌকা সমদল