ধেমাজি জিলা গোর্খা সন্মিলনৰ উদ্যোগত জোনাইত বলিদান দিৱস উদযাপন…

ধেমাজি জিলা গোর্খা সন্মিলনৰ উদ্যোগত জোনাইত বলিদান দিৱস উদযাপন…

author-image
asomiyapratidin
New Update
ধেমাজি জিলা গোর্খা সন্মিলনৰ উদ্যোগত জোনাইত বলিদান দিৱস উদযাপন…

ডিজিটেল সংবাদ, জোনাই : অসমৰ গোৰ্খাসকলৰ জাতীয় সংগঠন অসম গোর্খা সন্মিলনৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে জোনাই টাউন ক্লাবৰ প্ৰেক্ষাগৃহত স্বতন্ত্রতা সেনানী, আজাদ হিন্দ ফৌজৰ প্ৰথম ছহিদ মেজৰ দুৰ্গা মল্লৰ পুণ্য তিথি উপলক্ষে বলিদান দিৱস পালন কৰা হয়।

Advertisment

এই উপলক্ষে প্ৰথমতে পতাকা উত্তোলন আৰু ছহিদ দুৰ্গা মল্লৰ প্ৰতিছৱিত মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পিছত সন্মিলনৰ ধেমাজি জিলা সমিতিৰ সভাপতি বিষ্ণুলাল প্ৰধানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসম গোর্খা সন্মিলনৰ সদ্য নির্বাচিত কেন্দ্রীয় নেতৃত্ববৃন্দক সম্বর্ধনা জনোৱা হয়।

ধেমাজি জিলা গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক পার্থ ছেত্রীয়ে আঁত ধৰা সভাত অসম গোর্খা সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কৃষ্ণ ভূজেলে স্বতন্ত্রতা সেনানী দুর্গা মল্লৰ জীৱন আদৰ্শ আৰু কৰ্মৰাজিৰ লগতে দেশৰ বাবে ত্যাগৰ বিষয়ে আলোকপাত কৰি কয়- ১৯১৩ চনৰ ১ জুলাইত বৰ্তমানৰ উত্তৰাখণ্ড ৰাজ্যৰ ডেহৰাদুনৰ ডোইবালা গাঁওত জন্মগ্ৰহণ কৰা দুৰ্গা মল্লই শৈশৱৰ পৰাই ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোনত জঁপিয়াই পৰিছিল।

নেতাজী সুভাষ চন্দ্র বসুৰ নেতৃত্বত গঠন হোৱা আজাদ হিন্দ ফৌজৰ মুখ্য সেনাপতিৰূপে দুর্গা মল্লই সমগ্ৰ ভাৰতবৰ্ষত ঘূৰি আজাদ হিন্দ ফৌজৰ কাম-কাজ বিস্তাৰ কৰিছিল। ফলত ১৯৪৪ চনৰ ২৭ মাৰ্চত দুৰ্গা মল্ল কোহিমাৰ উখকল গাঁৱত ব্ৰিটিছ সেনাৰ হাতত গ্ৰেপ্তাৰ হয়। তাৰ পিছত তেখেতক দিল্লীৰ লালকিল্লাত লৈ যোৱা হয়। তেখেতক সৈমান কৰাবলৈ পত্নীৰ দ্বাৰাও অনুৰোধ জনোৱা হৈছিল।

কিন্তু মল্লই দেশৰ হকে যুঁজিবলৈ মৰিবলৈও প্ৰস্তুত বুলি ঘোষণা কৰে। অৱশেষত ১৯৪৪ চনৰ ২৫ আগষ্টত দুর্গা মল্লক ব্ৰিটিছ শাসনে ফাঁচী দিয়ে। পৰবৰ্তী সময়ত এই দিনটোক গোর্খাসকলে বলিদান দিৱসৰূপে পালন কৰি ছহিদগৰাকীক স্মৰণ কৰি আহিছে।

সভাত অসম গোর্খা সন্মিলনৰ উপ-সভাপতি ছৱিলাল শর্মা, সাধাৰণ সম্পাদক সঞ্জীৱ ছেত্রী, সঞ্জীৱ দাহাল, দীপা ছেত্রী, সম্পাদক গিতাঞ্জলী শর্মা, গিৰীন্দ্ৰ দাহাল, টি এম পি কে প্রাক্তন সভাপতি তথা মিচিং অটোনোমাচ কাউঞ্চিলৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, টি এম পি কে সভাপতি ৰাজকুমাৰ মৰাং, গোর্খা উন্নয়ন পৰিষদৰ সদস্য ৰাজু তামাঙৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে।

assam dhemaji