/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/97a73f69-db39-4a6e-8850-f82b45d28b50/dhemaji.jpg)
jonai accident
ডিজিটেল সংবাদ, শিমলুগুৰিঃ ধেমাজি জিলাৰ জোনাইত মঙলবাৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ জোনাই গালী ৰঙাজানত সংঘটিত হোৱা দুৰ্ঘটনাত নাৰায়ণপুৰৰ দুজন যুৱক থিতাতে নিহত হয় ৷ নিহত যুৱক দুজন হৈছে চৌদ্ধপুনীয়াৰ হৃদয় ৰঞ্জন দত্ত(২৭) আৰু সাউকুছিৰ কাশ্যপ মহন্ত ৷
জোনাইৰ লাইমেকুৰীৰ পৰা জোনাই অভিমুখে আহি থকা AS01 DM5087 নম্বৰৰ এখন গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই জোনাইৰ ৰঙাজানৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এজোপা গছত তীব্ৰ জোৰেৰে খুন্দা মাৰে ৷ যাৰ ফলত গাড়ীত থকা তিনিজনৰ ভিতৰত উল্লেখিত দুজন থিতাতে নিহত হয় ৷
বিশ্বনাথৰ লীলা ছেত্ৰী(২৮) নামৰ আন এজন সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে মৃত হৃদয়ৰঞ্জন দত্তৰ ভাতৃ চিত্তৰঞ্জন দত্ত আজি তিনিমাহ ধৰি বিয়া খাবলৈ গৈ সন্ধানহীন হৈ আছে ৷
ইফালে হৃদয়ৰ জেঠায়েকৰ পুত্ৰ আছিল কাশ্যপ মহন্ত। লাইমেকুৰীস্থিত মুৰ্কংচেলেক আদৰ্শ বিদ্যালয়ত কৰ্মৰত আছিল ৷ পুনৰ লখিমপুৰৰ এখন হাইস্কুলত নিযুক্তি লাভ কৰাৰ বাবে বিদ্যালয়ৰ পৰা বিদায় ল'বলৈ গৈছিল ৷