/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/assss.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঢকুৱাখনা নগৰৰ এগৰাকী প্ৰবীণ প্ৰতিষ্ঠিত ব্যৱসায়ী , নগৰৰ মাজ মজিয়াত অৱস্থিত মুলাৰাম থুৰিমলা ভৱনৰ স্বত্বাধিকাৰী বৰুৱাটিকা গাঁও নিবাসী বিশিষ্ট নাগৰিক যোগেন দত্তৰ দেওবাৰে নিশা প্ৰায় ২-০৩ বজাত পৰলোক প্ৰাপ্তি ঘটে।
সুদীর্ঘ কাল ধৰি ঢকুৱাখনাৰ সমাজ জীৱনৰ সতে জড়িত হৈ বাৰ্ধক্যজনিত কাৰণত স্ব গৃহত স্বাভাবিক ভাৱেই দিন অতিবাহিত কৰা দত্তই যোৱা নিশা আহাৰ গ্ৰহণ কৰি শেতেলীলৈ যোৱাৰ পাছত দুপৰ নিশা বুকুত সামান্য বিষ অনুভৱ কৰে। আত্মীয়ই চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে দত্তই শেষ নিশ্বাস ত্যাগ কৰে ।
মৃত্যুৰ পূৰ্বলৈকে সপ্ৰতিভ ভাবেই সময় অতিবাহিত কৰি আকস্মিক মৃত্যুক সাৱটি লোৱা প্ৰবীণ সমাজকৰ্মী বৰ্ষীয়ান নাগৰিক দত্তৰ বিয়োগৰ খবৰ পাই অগণন শুভাকাংক্ষীৰ আগমন ঘটে দত্তৰ বাস গৃহলৈ । পুৱা দত্তৰ নশ্বৰ দেহ নিজৰ ব্যৱসায়িক থলী ঢকুৱাখনা নগৰৰ মূলাৰাম থুৰিমলা ভৱনলৈ নিয়াৰ পাছত ব্যৱসায়ী সকলে অন্তিম শ্ৰদ্ধাঞ্জলি জনাই পুন্যাত্মাৰ স্বৰ্গসুখ প্ৰাপ্তি কামনা কৰে ।
পাছতেই ৰাজহুৱা শ্মশানলৈ নি অন্তিম সৎকাৰ কৰা হয় । মৃত্যুৰ সময়ত দত্তৰ বয়স হৈছিল ৮৬ বছৰ । পত্নী অনিমা দত্ত, পুত্ৰ অসম যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত দত্ত ,তিনি গৰাকী কন্যা সহ অজস্ৰ ইষ্ট কুটুম্ব আৰু গুণ মুগ্ধক ইস সংসাৰত এৰি গৈছে দত্তই ।
জ্যেষ্ঠ নাগৰিক দত্তৰ বিয়োগত ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলন , অসম গণ পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদ সমিতিৰ সভাপতি হৰিচন্দ্ৰ বৰুৱা , ঢকুৱাখনা জিলা যুৱ পৰিষদ সমিতি , মুলাৰাম থুৰিমলা ভৱন ব্যৱসায়ী সমিতি, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ডঃ পৰমা সোণোৱাল, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সমুজ্জ্বল চেতিয়াকে ধৰি বহু সংখ্যক অনুষ্ঠান সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে আৰু শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।
আৰু পঢ়ক: বকোৰ চকাবাহাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত টেম্পো চালক…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us