এন এছ চি এন (কে)ৰ খাংগো আৰু আকাটো চোফী গোটৰ মাজত যৌথ শান্তি আৰু সামৰিক চুক্তি

জানিবলৈ দিয়ে অনুসৰি এই বুজাবুজি চুক্তিখন চুক্তি স্বাক্ষৰ কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হৈছে বুলি উল্লেখ কৰে
এন এছ চি এন (কে)ৰ খাংগো আৰু আকাটো চোফী গোটৰ মাজত যৌথ শান্তি আৰু সামৰিক চুক্তি

ডিজিটেল সংবাদ,বেকাজানঃ দুটা গোটত বিভক্ত হৈ পৰা খাংগো নেতৃত্বাধীন এন এছ চি এন (কে) আকাটো চোফীৰ নেতৃত্বত এন এছ চি এন-(আৰ ) বিচ্ছিন্ন গোটৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ হয়। ভাৰত চৰকাৰৰ সৈতে যৌথ শান্তি আলোচনা আৰু যৌথ ‘সামৰিক প্ৰতিৰক্ষা’ৰ স্বাৰ্থত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

বুজাবুজি চুক্তিত দুয়োটা গোটে উভয় দল আৰু নগাৰ স্বাৰ্থত নগা ৰাজনৈতিক বিষয়টোৰ স্থায়ী সমাধানৰ দিশত কেন্দ্ৰৰ সৈতে এক মঞ্চৰ অধীনত ৰাজনৈতিক আলোচনা আগবঢ়াই নিবলৈ সহমতত উপনীত হয়। দুয়োটা গোটে সহমতত উপনীত হয় যে চুক্তিখনৰ অনুসৰি কোনো সদস্য বা পক্ষৰ ওপৰত কোনো ঘৰুৱা বা বিদেশী শত্ৰুৰ আক্ৰমণৰ পৰিস্থিতিত দুয়োটা গোটে এনে ভাবুকি মোকবিলা কৰাৰ বাবে ইটো ফৈদে সিটো ফৈদক সমৰ্থন আগবঢ়াব।

এই চুক্তিত স্বাক্ষৰ কৰে এন এছ চি এন(কে)ৰ অধ্যক্ষ খাংগো কন্যাক আৰু সাধাৰণ সম্পাদক হোকাটো ভাছো, এন এছ চি এনৰ অধ্যক্ষ আকাটো চোফি আৰু সাধাৰণ সম্পাদক মাইকেল য়েপথোৱে। জানিবলৈ দিয়ে অনুসৰি এই বুজাবুজি চুক্তিখন চুক্তি স্বাক্ষৰ কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হৈছে বুলি উল্লেখ কৰে।

এন এছ চি এন (কে)ৰ খাংগো আৰু আকাটো চোফী গোটৰ মাজত যৌথ শান্তি আৰু সামৰিক চুক্তি
হাওৰাঘাট ষ্টেট বেংকৰ সন্মুখত দিন ডকাইতিঃ টকাৰ বেগ লৈ পলাল যুৱক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in