বিশিষ্ট সমাজসেৱক যোগেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ পৰলোকপ্ৰাপ্তি

বিশিষ্ট সমাজসেৱক যোগেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ পৰলোকপ্ৰাপ্তি

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সমাজসেৱক যোগেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ নিমনাগড় ইকৰাণি গাঁৱৰ নিবাসী,বিশিষ্ট সমাজকৰ্মী,অ এন জিচিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী যোগেন্দ্ৰ নাথ বুঢ়াগোহাঁইয়ে বৃহস্পতিবাৰে নিশা প্ৰায় ৯-২৯ মিনিট শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যু সময়ত তেওঁ বয়স হৈছিল ৭৫ বছৰ ৷

Advertisment

মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ, জীয়ৰী, বোৱাৰী সহ কেইবাজনো নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।জীৱন কালত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত বুঢ়াগোহাঁই দেৱৰ জন্ম হৈছিল ১৯৪৮ চনত।

নিজৰ কৰ্ম দক্ষতা আৰু দায়বদ্ধতাৰ বাবে চাকৰি কালত তেওঁ তেল আৰু প্ৰাকৃতিক গেছ নিমগন পৰা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ চাকৰি অৱসৰ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে নিজকে জড়িত কৰি এক সামাজিক জীৱন আৰম্ভ কৰে ।তেখেতৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ৷

Also Read: মোডী-শ্বাহে উপভোগ কৰিব বিশ্বকাপৰ ফাইনেল, আহিব পাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী