কঠীয়াতলীত দুটা পথৰ আধাৰশিলা স্থাপন বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ

কঠীয়াতলীত দুটা পথৰ আধাৰশিলা স্থাপন বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত দুটা পথৰ আধাৰশিলা স্থাপন বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ

ডিজিটেল সেৱা, কঠীয়াতলী :- বৃহস্পতিবাৰে কঠীয়াতলীত অসম চৰকাৰৰ লোক নিৰ্মান পথ বিভাগৰ অধীনত ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আচঁনিৰ অধীনত আধাৰশিলা স্থাপন কৰে। কঠীয়াতলী কামপুৰ পথৰ পৰা মনোহৰ গাঁৱলৈ আৰু বৰহোলা গাঁৱৰ পৰা তেলীয়াআটি গাঁৱলৈ দুটা পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা শুভাৰাম্ভনি কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।

সমাগত লোকসভা নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে ২৩-২৪ বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰী পকী পথ আঁচনিৰ অধীনত উক্ত কাৰ্য অনুষ্ঠিত হয়। এই সময়চোৱাত বিধায়কগৰাকীক সংগ দিয়ে বামুনি মণ্ডল বিজেপিৰ সভাপতি অভিষেক সোম সম্পাদক মানিক মজুমদাৰকে আদি কৰি বিজেপিৰ কাৰ্যকৰ্তা সকলে।

Also Read: Electoral bond: কোনে ৰাজনৈতিক দলক দিছিল ১৩৬৮ কোটি টকা? নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিলে তথ্য