চন্দ্ৰযান-২ অভিযানৰ সৈতে জড়িত অসমৰ বিজ্ঞানীজন…

চন্দ্ৰযান-২ অভিযানৰ সৈতে জড়িত অসমৰ বিজ্ঞানীজন…

author-image
asomiyapratidin
New Update
চন্দ্ৰযান-২ অভিযানৰ সৈতে জড়িত অসমৰ বিজ্ঞানীজন…

ডিজিটেল ডেস্কঃ দীৰ্ঘকাল অপেক্ষৰ অন্তত ২২ জুলাইৰ দিনৰ ২ বাজি ৪৩ মিনিটত সফলভাৱে প্ৰক্ষেপন কৰা হ'ল চন্দ্ৰযান-২। বিৰল এই মুৰ্হূতৰ সাক্ষী হৈ ৰ'ল কোটি কোটি ভাৰতীয়। প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি দেশ-বিদেশৰ বহুলোকে ভাৰতক জনালে শুভেচ্ছা।

Advertisment

চন্দ্ৰযান-২ মিছনৰ আঁৰত আছে অসমৰো এজন বিশিষ্ট বিজ্ঞানী। নাম ড০ জিতেন্দ্ৰনাথ গোস্বামী। তেওঁ ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ ৰ মুখ্য বিজ্ঞানী। এই অভিযানৰ পৰিকল্পনা আৰু ৰূপায়নতো তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেনেদৰে চন্দ্ৰযান-২ অভিযানৰো তেওঁ মূখ্য বিজ্ঞানী গোস্বামী । চন্দ্ৰযান-২ৰ বিজ্ঞানী দলৰ মাজত জিতেন্দ্ৰ নাথ গোস্বামী হৈছে অন্যতম। বৰ্তমান গোস্বামী ভৌতিক গৱেষণাগাৰ (Physical Research Laboratory)ৰ সঞ্চালক।

১৯৬৫ চনত জিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰি, পদাৰ্থ বিজ্ঞানক মূল বিষয় হিচাপে লৈ তেতিয়াৰ কটন মহাবিদ্যালয়ত স্নাতক শাখাত নামভৰ্তি কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত পি. এইচ. ডি.ৰ বাবে তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানতযোগদান কৰে। এই সময়চোৱাত তেওঁ এবছৰৰ বাবে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ গৱেষক হিচাপে গৱেষণা কৰে, ১৯৭৮ চনত গুজৰাত বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।

পি. এইচ. ডি.ৰ পাছত তেওঁ বিভিন্ন সময়ৰ বাবে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ৱাশ্বিংটন বিশ্ববিদ্যালয়, হা'ষ্টন লুনাৰ এণ্ড প্লেনেটৰী ইনষ্টিটিউত আৰু মেক্স-প্লাংক ইনষ্টিটিউত গৱেষণাৰ কাম কৰে। তেওঁৰ গৱেষণাৰ মূল বিষয় সৌৰজগত অধ্যয়ন, ধৰা আৰু গ্ৰহ বিজ্ঞান। তেওঁ আৰু তেওঁৰ সহঃযোগী বিজ্ঞানী সকলে সৌৰজগতৰ সৃষ্টিৰ সময়ত হস্ৰ জীৱনকালৰ 26Al নিউক্লাইড কণাই শক্তিৰ উৎসৰ দৰে কাম কৰিছিল বুলি প্ৰমাণ কৰি দেখুওৱাৰ লগতে আন কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ডাঙি ধৰিছে।

চন্দ্ৰযান-২ ৰ বিজ্ঞানী দলৰ সৈতে গোস্বামী

তাৰোপৰি তেওঁ মহাজাগতিক ৰশ্মি, টেকটনিক প্লেট আদি সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ ফলাফল ডাঙি ধৰিছে। ভৌতিক গৱেষণাগাৰৰ পৰা তেওঁ ভাৰতীয় মহাকাষ গৱেষণা সংস্থাৰ গ্ৰহ বিজ্ঞান আৰু এক্সপ্ল'ৰেচন প্ৰকল্পৰ প্ৰাৰম্ভিক পৰ্যায়ত (২০০৪-০৭) তেওঁ তত্বাবধায়কৰ ভূমিকা পালন কৰে। তাৰোপৰি তেওঁ মহাকাশযান স্পেচলেব-৩ত হোৱা ভাৰতীয় মহাজাগতিক ৰশ্মি পৰীক্ষাৰ সহঃযোগী তত্বাবধায়ক আৰু চান্দ্ৰ নমুনা (Lunar Samples)ৰ তেওঁ মুখ্য তত্বাবধায়ক আছিল।

জিতেন্দ্ৰনাথ গোস্বামী ২০১৩ চনৰ ৫ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ দ্বাৰা উৎক্ষেপিত মাৰ্ছ অৰবিটাৰ মিছন (Mars Orbiter Mission)ৰ এজন অন্যতম উপদেষ্টা আছিল।
২০০৭ চনত তেওঁ ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ সভাপতি হিচাপে তেও নিৰ্বাচিত হয়। ইতিহাস ৰচা চন্দ্ৰযান-২ সৈতে এগৰাকী অসমীয়া জড়িত থকাৰ খবৰে উৎফুল্লিত কৰিছে প্ৰতিজন অসমীয়াক।