আক্ৰাছুৰ জাতীয় শ্বহীদ জিতেন ৰায় সোঁৱৰণী ফুটবল প্ৰতিযোগিতা…

আক্ৰাছুৰ জাতীয় শ্বহীদ জিতেন ৰায় সোঁৱৰণী ফুটবল প্ৰতিযোগিতা…

author-image
asomiyapratidin
New Update
আক্ৰাছুৰ জাতীয় শ্বহীদ জিতেন ৰায় সোঁৱৰণী ফুটবল প্ৰতিযোগিতা…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ বালাগাঁও লক্ষ্মী মন্দিৰ খেলপথাৰত বৃহস্পতিবাৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আক্ৰাছুৰ জাতীয় শ্বহীদ জিতেন ৰায় সোঁৱৰণী চলন্ত ফুটবল ট্ৰফী প্ৰতিযোগিতা।কোকৰাঝাৰ (পূৱ) জিলা আক্ৰাছুৰ উদ্যোগত আৰু বালাগাঁও আঞ্চলিক আক্ৰাছুৰ সহযোগত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।

Advertisment

অনুষ্ঠানত বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে , আক্ৰাছুৰ সভাপতি , সম্পাদক , কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন , কাৰ্যবাহী সদস্যদ্বয় জীৱেশ ৰায় , পৰমেশ্বৰ ৰায় আদিকে ধৰি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে । অন্যহাতে উদ্বোধনী খেলত নাথ-যোগী ছাত্ৰ সন্থাৰ ফুটবল দলটোৱে আক্ৰাছুৰ ফুটবল দলটিৰ হাতত ০- ২ গলৰ ব্যৱধানত পৰাস্ত হয় ।

অনুষ্ঠানত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীৱে যুৱ চামক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হ'বলৈ আহ্বান জনোৱাৰ লগতে দূৰ্গা বড়ো , হীমা দাসৰ গুণানুকীৰ্তন কৰে । ইপিনে বি টি চিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই প্ৰতিযোগিতাখনৰ সফলতা কামনা কৰি অহা অক্টোবৰ মাহত ওদালগুৰীত সদৌ ভাৰত ভিত্তিত কাউন্সিল লীগ অনুষ্ঠিত কৰা হ'ব আৰু উক্ত প্ৰতিযোগিতাত আনুষ্ঠানিকভাৱে বাইচুং ভূটীয়াই উদ্বোধন কৰিব বুলি সদৰি কৰিছে ।

আৰু পঢ়কঃ বিশ্ব বেংকৰ অৰ্থ সাহায্য প্ৰাপ্ত ৰাজ্যৰ প্ৰথমটো মিঠাতেল উৎপাদন প্ৰকল্প নিৰ্মাণত ভয়ংকৰ অনিয়ম…

assam kokrajhar football