নেৰিলে শিক্ষাৰ্থীকো! ‘জিষ্ট’ত আবাসিক ছাত্ৰক লুণ্ঠন, অধীক্ষকে ঘুৰাই নিদিয়ে আমানতৰ ধন…

নেৰিলে শিক্ষাৰ্থীকো! ‘জিষ্ট’ত আবাসিক ছাত্ৰক লুণ্ঠন, অধীক্ষকে ঘুৰাই নিদিয়ে আমানতৰ ধন…

author-image
asomiyapratidin
New Update
নেৰিলে শিক্ষাৰ্থীকো! ‘জিষ্ট’ত আবাসিক ছাত্ৰক লুণ্ঠন, অধীক্ষকে ঘুৰাই নিদিয়ে আমানতৰ ধন…

ডিজিটেল সংবাদ টীয়ক: পুনৰ আন এক বিতৰ্কৰ বাবে চৰ্চালৈ আহিছে উজনি অসমৰ অন্যতম কাৰিকৰী প্ৰতিষ্ঠান যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ জিষ্ট । জানিব পৰা মতে কাৰিকৰী প্ৰতিষ্ঠানখনৰ হোষ্টেল সমূহত আবাসিক হিচাপে থকাৰ সুযোগ পোৱা শিক্ষাৰ্থী সকলৰ পৰা হোষ্টেলত প্ৰৱেশৰ সময়তে সংগ্ৰহ কৰা আমানতৰ ধন শিক্ষাৰ্থী সকলক শিক্ষা বৰ্ষ অন্ত হোৱাৰ পাছত হোষ্টেল ত্যাগ কৰাৰ সময়ত ঘূৰাই নিদিয়াৰ অভিযোগ উঠিছে হোষ্টেল অধীক্ষক সকলৰ বিৰুদ্ধে ।

Advertisment

উল্লেখযোগ্য যে প্ৰতিষ্ঠানখনত এটা ছোৱালীৰ হোষ্টেলকে ধৰি মুঠ চাৰিটা হোষ্টেলত প্ৰায় চাৰিশ গৰাকী শিক্ষাৰ্থী থকাৰ সুবিধা আছে । যিসকল শিক্ষাৰ্থীয়ে হোষ্টেলত থকাৰ সুবিধা লাভ কৰে তেওঁলোকৰ পৰা প্ৰতিটো হোষ্টেলৰ অধীক্ষকে ৬ হাজাৰ টকাকৈ আমানতৰ ধন সংগ্ৰহ কৰি আহিছে যদিও সেই ধন শিক্ষাৰ্থী সকলক শিক্ষানুষ্ঠানখন ত্যাগ কৰাৰ সময়ত ঘূৰাই নিদিয়াৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি প্ৰতিষ্ঠানখনৰ সহযোগী অধ্যাপক জেমচন মুছাহাৰিয়ে ২০০০ চনৰ পৰা অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা ছোৱালী হোষ্টেলৰ ১৮০ গৰাকী কৈ ছাত্ৰীৰ পৰা প্ৰতি বছৰে ৬ হাজাৰ টকাকৈ, ১২০ গৰাকী আৱাসী থাকিব পৰা ১ নং ল'ৰা হোষ্টেলৰ অধীক্ষক গিৰীণ কাকতি, ২ নং ল'ৰা হোষ্টেলৰ অধীক্ষক ডাঃ চন্দ্ৰ চুতীয়াইও অনুৰূপ ধৰণে ৬ হাজাৰকৈ টকা সংগ্ৰহ কৰি আহিছে শিক্ষাৰ্থী সকলৰ পৰা।

তাৎপৰ্যপূৰ্ণ বিষয়টো এই যে দীৰ্ঘ দিন ধৰি সংগ্ৰহ কৰা এই ধন অধীক্ষক কেইগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ একাউন্টত জমা নকৰি তেওঁলোকৰ ব্যক্তিগত বেংক একাউন্টত জমা ৰখাৰ অভিযোগ উত্থাপিত হৈছে। নিজৰ শৈক্ষিক জীৱনত প্ৰভাৱ পৰাৰ ভয়ত শিক্ষাৰ্থী সকলে এই বিষয়ত মৌনতা অৱলম্বন কৰা বুলি জানিব পৰা গৈছে । নৱ নিযুক্ত অধ্যক্ষ গৰাকীয়ে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষনীয় হব ।