হাটশিঙিমাৰীত আৱৰ্ত ভৱনত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা…

হাটশিঙিমাৰীত আৱৰ্ত ভৱনত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা…

author-image
asomiyapratidin
New Update
হাটশিঙিমাৰীত আৱৰ্ত ভৱনত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা…

ডিজিটেল ডেস্ক : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বিদ্যুতৰ বিভিন্ন সমস্যা সমাধানৰ লগতে সঠিক ভাবে ৰাজহ সংগ্ৰহ কৰাক লৈ আজি জিলাৰ সদৰ হাটশিঙিমাৰীস্থ আৱৰ্ত ভৱনত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ উপস্থিতিত জিলা প্ৰশাসন আৰু বিদ্যুৎ বিভাগৰ সৈতে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়।

উল্লেখযোগ্য যে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আজি দিনৰ প্ৰায় ১১ বজাত হাটশিঙিমাৰী আৱৰ্ত ভৱনত উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত জিলা প্ৰশাসন আৰু বিদ্যুত বিভাগৰ সৈতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। এই পৰ্যালোচনা সভাত জিলা উপায়ুক্ত পল্লবী সৰকাৰ, জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, দুগৰাকী অতিৰিক্ত উপায়ুক্তৰ লগতে কেবাগৰাকী সহকাৰী আয়ুক্ত আৰু এপিডিচিএলৰ বিষয়-ববীয়া সকল উপস্থিত থাকে। জিলাখনৰ বিদ্যুতৰ বিভিন্ন সমস্যাক লৈ আলোচনা কৰি সোনকালে বিদ্যুত সমস্যা সমাধানত গুৰুত্ব দিবলৈ মুখ্য সচিব জনে এপিডিচিএলক নিৰ্দেশ প্ৰদান কৰে।

আনহাতে যিবোৰ এলেকাত সঠিক ভাবে ৰাজহ সংগ্ৰহ হোৱা নাই সেই এলেকা সমূহত গুৰুত্ব সহকাৰে সঠিক ভাবে ৰাজহ সংগ্ৰহ কৰিবলৈও মুখ্য সচিব গৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে। মন কৰিবলগীয়া যে মুখ্য সচিব গৰাকী গুৱাহাটীৰ পৰা ধুবুৰী হৈ বিএছএফৰ এখন বিশেষ স্পীড বোৰ্ডেৰে হাটশিঙিমাৰীত উপস্থিত হোৱাৰ পাছত দিনৰ প্ৰায় ১ বজাত একেটা পথেৰে গুৱাহাটীলৈ ৰাওনা হয়।

আৰু পঢ়ক :বিপ্লৱ কুমাৰ দেৱক আঁতৰাই ত্ৰিপুৰা বিজেপিৰ নতুন সভাপতি…