নগাঁৱত আই. এছ আৰু এ. চি. এচ পৰীক্ষাৰ প্ৰস্তুতি আৰু কৃতকাৰ্যতাৰ চাবিকাঠী শীৰ্ষক’ আলোচনা চক্ৰ

সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ পৰা কেৱল ১.১ শতাংশহে কৃতকাৰ্য হয় । এই মন্তব্য জিষ্ণু বৰুৱাৰ।
নগাঁৱত আই. এছ আৰু এ. চি. এচ পৰীক্ষাৰ প্ৰস্তুতি আৰু কৃতকাৰ্যতাৰ চাবিকাঠী শীৰ্ষক’  আলোচনা চক্ৰ

ডিজিটেল সংবাদ,বেবেজীয়া: সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ পৰা কেৱল ১.১ শতাংশহে কৃতকাৰ্য হয় । এই মন্তব্য জিষ্ণু বৰুৱাৰ। নগাঁও কলেজত অনুষ্ঠিত আই. এছ আৰু এ. চি. এচ পৰীক্ষাৰ প্ৰস্তুতি আৰু কৃতকাৰ্যতাৰ চাবিকাঠী শীৰ্ষক’ এক চিন্তাকৰ্ষক আলোচনা চক্ৰ আৰু মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত মুখ্য সচিব আই. এচ বিষয়া, তথা অসম শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষ জিষ্ণু বৰুৱাই বুধবাৰে এইদৰে কয়।

অৱসৰপ্ৰাপ্ত মুখ্য সচিব গৰাকীয়ে উল্লেখ কৰি কয় যে- উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, তামিলনাডু, হাৰিয়ানা, বিহাৰৰ পৰাই বেছি সংখ্যক প্ৰাৰ্থী লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয়। উত্তৰ-পূৰ্বাঞলৰ অন্যতম ৰাজ্য মণিপুৰৰ পৰা ০.৭ শতাংশ, নাগালেণ্ডৰ পৰা ০.৩৮ শতাংশ আৰু অৰুণাচলৰ পৰা ০.৮ শতাংশ, মেঘালয়ৰ পৰা ০.৬ শতাংশ, মিজোৰামৰ পৰা ০.৪২ শতাংশ, ত্ৰিপুৰাৰ পৰা ০.০৪ শতাংশ উত্তীৰ্ণ হয়।বৰুৱাই তুলনামূলক তথ্য দাঙি ধৰি তেওঁ উত্তৰ প্ৰদেশৰ পৰা ১৫. ৮ শতাংশ আৰু বিহাৰৰ পৰা ১০.৮ শতাংশ আই. এচ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰে ।

লগতে কয় যে অভিযন্তা শাখাৰ প্ৰাৰ্থীয়েও ভূগোল, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ক লৈ লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হয়। আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানত সঞ্চালনা কৰে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আৰু আদৰণী ভাষণ প্ৰদান কৰে অধ্যাপিকা ড০ ফাৰিষ্টা য়াচমিনে। বৰুৱাই তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ভিত্তিত আই. চি. এচ আৰু আই.এ.এছ পৰীক্ষাৰ ইতিহাস, আই. এ. এছ পৰীক্ষাৰ আৰ্হি, কৃতকাৰ্য হোৱাৰ কৌশল, মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি, অনুপ্ৰেৰণামূলক বিভিন্ন মন্তব্যৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে এক সৌহাদ্যপূৰ্ণ মত বিনিময় কৰে।

৬ ৰ পৰা ৮ শতাংশ প্ৰতিযোগীয়েহে প্ৰথম প্ৰচেষ্টাতে কৃতকাৰ্য হোৱাৰ বিপৰীতে ৮০ শতাংশতকৈ অধিক প্ৰতিযোগীয়ে দ্বিতীয় আৰু তৃতীয় প্ৰচেষ্টাত কৃতকাৰ্য হয় বুলি মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানত ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে। অধ্যাপক ঋষি ভাৰ্গৱ দাসে এই অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়ায়।

আৰু পঢ়ক: নিমন্ত্ৰণ নকৰাকৈ সাহিত্য সভাৰ অধিৱেশনৰ কাৰ্যক্ৰমণিকাত বিশিষ্ট সাহিত্যিক, সাংবাদিকৰ নাম...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in