/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr.jpg)
ডিজিটেল সংবাদ, মৈৰাবাৰী: সোমবাৰে বাংলাদেশী অবৈধ সংগঠন আনছাৰুল্লাহ বাংলা টিমৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হয় আবু তালহাৰ পত্নী জহুৰা খাতুনক । বিলাসিপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে ন ন তথ্য।
কিছুদিন পূৰ্বে জেহাদী কাৰ্য- কলাপত জড়িত থকা মুফতী মুস্তফা আৰু তেওঁৰ পত্নীক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।আৰু তাৰ পিছতে একাধিক ব্যক্তিক আটক কৰি সোধ পোচ কৰাত পোহৰলৈ আহিছে নতুন নতুন তথ্য।অভিযোগ অনুসৰি মৈৰাবাৰী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱত অৱস্থিত মছজিদে আবু বক্কৰ নামৰ মছজিদত মুস্তফা মুফতী তত্ত্বাৱধানত প্ৰায় ছমাহ আত্মগোপন কৰি জেহাদী কাৰ্য-কলাপ চলাই আছিল আবু তালহা আৰু মুস্তফাই।
মাজে সময়ে মছজিদটোত আবু তালহাই ইমামতিও কৰিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে জেহাদী কাৰ্য-কালাপৰ লগত জড়িত থকাৰ সন্দেহত চহৰীয়া গাঁৱৰ পৰা নুৰ আলম নামৰ এজন ব্যক্তিক সোধপোচৰ বাবে আটক কৰিছে।নুৰ আলমৰ পৰা আৰক্ষীয়ে কি তথ্য লাভ কৰিব সেয়া সোধপোচৰ অন্ততহে পোহৰলৈ আহিব।
আৰু পঢ়ক: আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস: কটন এলুমেনি হলত অসম লেখিকা সমাজৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান…