ঝুকেগা নেহী ভঙ্গী প্ৰদৰ্শন জিগনেশৰ, ১ দিনৰ বাবে ন্যায়িক জিম্মালৈ…

ঝুকেগা নেহী ভঙ্গী প্ৰদৰ্শন জিগনেশৰ, ১ দিনৰ বাবে ন্যায়িক জিম্মালৈ…

author-image
asomiyapratidin
New Update
ঝুকেগা নেহী ভঙ্গী  প্ৰদৰ্শন জিগনেশৰ,  ১ দিনৰ বাবে ন্যায়িক জিম্মালৈ…

ডিজিটেল সংবাদ,কোকৰাঝাৰ: এক সাধাৰণ টুইটক কেন্দ্ৰ কৰি গুজৰাটৰ পালনপুৰ আৱৰ্ত ভৱনৰ পৰা যোৱা ২০ এপ্ৰিলত ভদগাম সমষ্টিৰ বিধায়ক জিগনেশ মিৱানীক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তিনি দিনৰ জিম্মাত ৰখাৰ পিছত ৰবিবাৰে আৰক্ষীয়ে পুণৰাই বিধায়কগৰাকীক আদালতত হাজিৰ কৰায় ।

উল্লেখ্য যে আদালতে বান্ধি দিয়া তিনিদিনৰ আৰক্ষী জিন্মাৰ সময়সীমা উকলি যোৱাৰ পিছত আৰক্ষীয়ে আজি পুণৰাই কোকৰাঝাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিয়লি প্ৰায় ৬:০০ বজাত বিধায়ক জিগনেশ মেৱানীক হাজিৰ কৰায় ।

আৰক্ষীয়ে অধিক তদন্তৰ স্বাৰ্থত জিগনেশ মেৱানীক পুণৰাই ১০ দিনৰ আৰক্ষী জিম্মাত বিচাৰে যদিও দুয়োপক্ষৰ মাজত সম্পূৰ্ণ ডেৰঘণ্টাজোৰা শুনানিৰ অন্তত কোকৰাঝাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জিগনেশ মেৱানীক নিশাটোৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । কাইলৈ পুৱা ১০ বজাত পুনৰ আদালতে বিষয়টো চালি জাৰি চাব আৰু আদালতে বিষয়টো সন্দৰ্ভত সিদ্ধান্ত ল'ব ।

ইপিনে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা আৰক্ষী জিম্মাৰ পৰিবৰ্তে ন্যায়িক জিন্মালৈ যোৱাৰ সময়ত গাড়ীৰ ভিতৰৰ পৰা পুষ্পাৰ মেই ঝুকেগা নেহী ভঙ্গী প্ৰদৰ্শন কৰে জিগনেশে ।

আৰু পঢ়ক: আপে আৰম্ভ কৰিলে গুৱাহাটীত উন্নয়নৰ ৰাজনীতি! জনতাক ধন্যবাদ দলটোৰ…

assam kokrajhar