মিচিং লোক-সংস্কৃতিৰ সাধক জীৱন দলেৰ বিয়োগ

মিচিং লোক-সংস্কৃতিৰ সাধক জীৱন দলেৰ বিয়োগ

ডিজিটেল সংবাদ, ঢকুৱাখনা:  মিচিং লোক সংস্কৃতিৰ সাধক, মিচিং জনগোষ্ঠীৰ স্বাধীকাৰ প্ৰাপ্তিৰ দীৰ্ঘম্যাদী গণতান্ত্ৰিক সংগ্ৰামখনৰ এগৰাকী অক্লান্ত যোদ্ধা ,প্ৰবীণ শিক্ষাবিদ জীৱন দলেৰ দেহাবসান ঘটিছে। ঢকুৱাখনা মহকুমাৰ একৰিয়া গাঁও নিবাসী অবসৰী শিক্ষক ,প্ৰতিষ্ঠিত কবি , সুললিত কণ্ঠ শিল্পী দলেয়ে স্বগৃহত বৃহস্পতি বাৰে পুৱতি নিশা  শেষ নিশ্বাস ত্যাগ কৰে । 

সৰ্বদিশত অৱহেলিত মিচিং জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ লগতে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্তিকৰণ সংগ্ৰামখনৰ অন্যতম সেনাপতি স্বৰূপ দলেৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় ৭৫ বছৰ। সুধাকন্ঠ ভূপেন হাজৰিকাৰ  সংগীতৰ হুবহু পৰিবেশন আৰু কাব্যিক অভিব্যঞ্জনাৰ প্ৰণালীবদ্ধ চর্চা কাৰক দলেযে নৃগোষ্ঠীয় ভাষা, শিক্ষা, সাহিত্য শিল্প,কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰখনলৈ মেটমৰা অবদান আগবঢ়াই গৈছে।

মিচিং লোক সংগীতৰ এগৰাকী কণ্ঠশিল্পী হিচাবে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রত বহু সময় ধৰি কণ্ঠ নিগৰাই যোৱা দলেয়ে ইতিপূৰ্বে বহু কেইখন কাব্য গ্ৰন্থ প্ৰকাশ কৰি গৈছে। "লুইতৰ পাৰৰ কবি" হিচাবে পৰিচিত বৃহত্তৰ খেৰকটা অঞ্চলৰ সমাজ হিতৈষী দলেৰ বিয়োগত সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পৰে । মৃত্যুৰ সময়ত পত্নী পাচি লতা দলে, পুত্ৰ সহ অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি যোৱা দলেৰ বিয়োগত মিচিং জাতীয় সংগঠন মিচিং দৃৰবৃ কৌবাং , টাকাম মিচিং  পৰিণ কৌবাং, মিচিং মিমাগ কৌবাংৰ ঢকুৱাখনা জিলা সমিতি ,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে।

লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ইপিনে মিচিং জনগোষ্ঠীৰ   অন্যতম দিকদৰ্শক স্বৰূপ দলেৰ বিয়োগত মিচিং জাতীয় সংগঠনৰ ঢকুৱাখনা জিলা সমিতিৰ লগতে বাংকে সমিতিয়ে বৃহস্পতি বাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি আত্মাৰ সদগতি কামনা কৰে।

মিচিং লোক-সংস্কৃতিৰ সাধক জীৱন দলেৰ বিয়োগ
ট্ৰেকিঙৰ সময়তে অঘটন! পাহাৰৰ পৰা বাগৰি মৃত্যু দুই যুৱক-যুৱতীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in