ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জহিৰুল হকৰ মৃত্যু

গুৱাহাটীৰ গাড়ীগাওঁ বিদ্যানগৰ নিবাসী তথা অসম পুলিচ ৰেডিঅ অপাৰেটৰ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক আলহাজ জহিৰুল হকৰ ৯ মাৰ্চৰ নিশা গুৱাহাটীৰ স্বাগত হস্পাতালত মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জহিৰুল হকৰ মৃত্যু

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ গাড়ীগাওঁ বিদ্যানগৰ নিবাসী তথা অসম পুলিচ ৰেডিঅ অপাৰেটৰ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-আৰক্ষী অধীক্ষক আলহাজ জহিৰুল হকৰ ৯ মাৰ্চৰ নিশা গুৱাহাটীৰ স্বাগত হস্পাতালত মৃত্যু হয়। বিগত কেইবাদিনো ধৰি তেওঁ অসুস্থ হৈ আছিল।

Advertisment

১৯৫৫ চনত কামৰূপ জিলাৰ বকো সমষ্টিৰ কালাতলীত জন্ম গ্ৰহণ কৰা জহিৰুল হকে তেওঁৰ নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে ২০১০ চনৰ ১৫ আগষ্টত ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিৰ পৰা বিশেষ সেৱা পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল । ২০১৫ চনত আৰক্ষী বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰি আলহাজ জহিৰুল হকে বিভিন্ন সামাজিক কামত জড়িত হয় আৰু গাড়ীগাওঁ অঞ্চলৰ কবৰস্থান কমিটিৰ উপসভাপতি আৰু মছজিদ কমিটিৰ সৈতে জড়িত থাকে।

তেওঁৰ জানাজা নামাজ ১০ মাৰ্চ শুকুৰবাৰে দিনৰ ডেৰ বজাত গাড়ীগাওঁ কবৰস্থানত সম্পন্ন হয় আৰু উক্ত জানাজা নামাজত সহস্ৰাধিক মানুহে অংশগ্ৰহণ কৰে। প্ৰয়াত জহিৰুল হকে মৃত্যুৰ সময়ত চাৰি কন্যা, দুগৰাকী জোৱাই, এক পুত্ৰ আৰু বোৱাৰী আৰু নাতি নাতিনীকে ধৰি অসংখ্য আত্মীয় আৰু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে।

Also Read: চাকৰিৰ বিনিময়ত মাটি! এজনৰ পাছত আনজন নেতা চিবিআইৰ জালত...