কৰ্তন ইন্টাৰনেট সেৱা : অসুবিধাত JEE, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী…

কৰ্তন ইন্টাৰনেট সেৱা : অসুবিধাত JEE, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী…

author-image
asomiyapratidin
New Update
কৰ্তন ইন্টাৰনেট সেৱা : অসুবিধাত JEE, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী…

ডিজিটেল ডেস্ক : অচল হৈ পৰিল ইন্টাৰনেট সেৱা। ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ আজি প্ৰথমটো পৰীক্ষা। পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব এই পৰীক্ষা। ২৫ জিলাত দেওবাৰে অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষা। তাৰ বাবে তৎপৰ আৰক্ষী বিষয়া।

কোনোধৰণৰ অসুবিধা তথা বেমেজালিৰ সৃষ্টি নহ'বলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ২৫খন জিলাত ৪ ঘন্টাৰ বাবে কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা। কিন্তু ইন্টাৰনেট কৰ্তনৰ ফলত সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মূল কাৰণ হ'ল ২৮ আগষ্টত অনুষ্ঠিত হ'ব JEE এডভান্সৰ সৰ্বভাৰতীয় বাচনি পৰীক্ষা।

আনহাতে চিকিৎসা বিজ্ঞানৰ বহু বিভাগৰ বিভিন্ন চেমিষ্টাৰৰ পৰীক্ষাও বৰ্তমানে চলি আছে। এই পৰীক্ষাৰ প্ৰস্তুতি চলোৱা হাজাৰ হাজাৰ শিক্ষাৰ্থী সৰ্বক্ষম ইন্টাৰনেট সেৱাৰ ওপৰত নিৰ্ভৰশীল। ইন্টাৰনেট কৰ্তনৰ ফলত বিশেষকৈ অসুবিধাৰ সন্মুখীন হ'ব এইসকল ছাত্ৰ-ছাত্ৰী। কিয়নো যি সকল শিক্ষাৰ্থীৰ ব্ৰড বেণ্ড সেৱাৰ নিজস্ব সেৱা নাই তেনে পৰীক্ষাৰ্থীৰ সংখ্যাই এই ক্ষেত্ৰত সৰহ আৰু চৰকাৰৰ ইন্টাৰনেট সেৱা বন্ধৰ সিদ্ধান্তই এওঁলোকক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিব।

assam himanta biswa sarma guwahati Assam police