বাংলাদেশীমূলৰ অনুপ্ৰৱেশকাৰীয়ে খিলঞ্জীয়াক আক্ৰমণ কৰাটো সহ্য কৰা নহ'ব: জয়ন্তমল্ল বৰুৱা

বাংলাদেশীমূলৰ অনুপ্ৰৱেশকাৰীয়ে খিলঞ্জীয়াক আক্ৰমণ কৰাটো সহ্য কৰা নহ'ব: জয়ন্তমল্ল বৰুৱা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ লামাপাৰাত শুকুৰবাৰে ভূমিকেন্দ্ৰিক বিবাদৰ ফলত ১১জনকৈ খিলঞ্জীয়া কোচ -ৰাজবংশী সম্প্ৰদায়ৰ লোক আহত হয়। এই ঘটনাৰ পাছতেই শনিবাৰে ঘটনাস্থলীত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তেওঁ কোকৰাঝাৰত উপস্থিত হোৱা বুলি সদৰি কৰে। নিজৰ মাটিতে খিলঞ্জীয়া কোচ ৰাজবংশী লোকসকল সুৰক্ষিত নহয় বুলি অনুভৱ হোৱা বুলি মন্তব্য কৰে জয়ন্তমল্ল বৰুৱাই। ধুবুৰীত ৰকিবুল হুছেইন জিকাৰ লগে লগে যদিহে বাংলাদেশীমুলৰ মানুহবিলাক আগবাঢ়ি আহি খিলঞ্জীয়া লোকক আক্ৰমণ কৰে তাৰ প্ৰত্যুত্তোৰ দিয়া হ'ব বুলি জয়ন্তমল্ল বৰুৱাই একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰে। অঞ্চলটোত আৰক্ষীৰ অস্থায়ী শিবিৰ স্থাপনৰ নিৰ্দেশ দি মন্ত্ৰীগৰাকীয়ে জিলা আৰক্ষী অধীক্ষকক ২৪ ঘণ্টাৰ ভিতৰত সকলো দোষীক কৰায়ত্ব কৰাৰ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে পবিত্ৰ বৰ্মন আৰু তেওঁৰ পৰিয়ালে সাপটগ্ৰামৰ স্বৰ্গীয় নিখিল বসুৰ মাটিত যোৱা ১০ বছৰে তেওঁলোকে আধি খাই আছে। এইসন্দৰ্ভত স্বৰ্গীয় নিখিল বসুৰ বৰপুত্ৰ অনিৰুদ্ধ বসুৰ সতে তেওঁলোকৰ চুক্তি হৈছিল। কিন্তু মাটিডৰা বিক্ৰী কৰিবলৈ মন্তস্থ কৰাত পবিত্ৰ বৰ্মনৰ সৈতে বিঘাই প্ৰতি দুই লাখ টকাত বন্দোৱস্তি হয়।

আনহাতে স্বৰ্গীয় নিখিল বসুৰ কনিষ্ট পুত্ৰই একেডৰা মাটিকে ৩ লাখ ১০ হাজাৰ টকাত মকবুল হুছেইনক বিক্ৰী কৰিবলৈ চুক্তিবদ্ধ হয়। ইয়াৰ মাজতে পবিত্ৰ বৰ্মন হায়দৰাবাদলৈ চিকিৎসাৰ বাবে যায় আৰু মাটিডৰাৰ দায়িত্ব সৰু ভাতৃ নিখিল বৰ্মনক দি যায়।

ইফালে আকৌ সৰু ভাতৃ নিখিল বৰ্মনে একেটা সীমাতে মাটি থকা জনৈক মকবুল হুছেইনক মাটিডৰা তিনিমাহৰ বাবে আধিত দিয়ে। আধিত লোৱাৰ পিছত তেওঁলোকে এৰিধানৰ খেতি কৰে। কিন্তু এৰিধান চপোৱাৰ পিছতো মাটিডৰা হস্তান্তৰ নকৰি সীমা ঠেলি ঠেলি আগবাঢ়ি যায় মকবুল হুছেইনৰ পৰিয়ালে। এই সন্দৰ্ভত আপত্তি দৰ্শোৱাত তেওঁলোকে মাটিডৰা কিনা বুলি মন্তব্য কৰে।

উক্ত বিষয়টোক লৈয়ে যোৱা কেইবামাহৰ পৰা বিবাদ চলি আছিল আৰু শুকুৰবাৰে বিষয়টোৱে চুড়ান্ত ৰূপ ধাৰণ কৰে। পবিত্ৰ বৰ্মনৰ ফৈদে মাটিডোৰাত বিজেপি নেতা তথা বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ উপস্থিতি জেওঁৰা দিবলৈ লওঁতেই মকবুল হুছেইনৰ ফৈদে লাঠীৰে আক্ৰমণ কৰি পবিত্ৰ বৰ্মনৰ ফৈদৰ ১১ গৰাকী লোকক আহত কৰে।

ইপিনে আৰক্ষী প্ৰশাসনে লামাপাৰাৰ ঘটনাৰ সতে জড়িতৰ অভিযোগত বৰ্তমানলৈকে ৪জনক আটক কৰিছে। তেওঁলোক হ'ল ক্ৰমে মকবুল হুছেইন (৭০), বাৰিছউদ্দিন শ্বেখ(৩৩), আজাদ আলী শ্বেখ ( ৪৩) আৰু ফৰচউদ্দিন শ্বেখ ( ৩৬) । তেওঁলোকক ইতিমধ্য জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে । ফকিৰাগ্ৰাম থানাত এই সন্দৰ্ভত এক গোচৰ (নং ৩৭/২৪) ৰজু কৰা হৈছে আৰু পলাতক হৈ থকা আন অভিযুক্তৰ সন্ধান বিচাৰি আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে ।

আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উক্ত ঘটনাত আহত হৈ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত হৈ থকা ৯গৰাকী লোকক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় । জয়ন্তমল্ল বৰুৱাৰ সাক্ষাৎকালত বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ দে, আক্ৰাছুৰ নেৰ্তৃবৰ্গই সঙ্গ দিয়ে। ঘটনাটোক লৈ অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে আৰু আৰক্ষী সষ্টম হৈ আছে ।

ইপিনে উক্ত ঘটনাক লৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে নেমছুৰ কেন্দ্ৰীয় সম্পাদক বাহাৰুল ইছলাম আৰু বিটিআৰ নেমছুৰ সভাপতি হাফিজুল ইছলামে। খিলঞ্জীয়া সংখ্যালঘু সম্প্ৰদায়ৰ লোকক বাংলাদেশী সজোৱা কাৰ্যৰ বিৰোধিতা কৰিছে।

তদুপৰি সাংসদ ৰকিবুল হুছেইন প্ৰসংগত কৰা মন্তব্যও অশোভনীয় আৰু হিন্দু -মুছলমানৰ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে। ভূমিকেন্দ্ৰিক ঘটনাক গৰিহণা জনাই দোষীক কৰায়ত্ব কৰাৰো দাবী উত্থাপন কৰিছে নেমছুৱে। ব্যক্তিগত সংঘাতক ৰাজনীতি নকৰিবলৈ আহ্বান জনাই উক্ত ঘটনাাই যাতে ভাতৃত্ববোধ বিনষ্ট নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে নেমছুৱে ।

বাংলাদেশীমূলৰ অনুপ্ৰৱেশকাৰীয়ে খিলঞ্জীয়াক আক্ৰমণ কৰাটো সহ্য কৰা নহ'ব: জয়ন্তমল্ল বৰুৱা
দৰঙৰ দেওমৰনৈত অসম নাট্য সন্মিলনৰ শাখা গঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in