/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/93a2312b-fd0f-4cec-8470-210585375d45/jayanta.jpg)
jayanta malla pressmeet
ডিজিটেল ডেস্ক : ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত মন্ত্রী জয়ন্তমল্ল বৰুৱাই সম্বোধন কৰে সংবাদমেল। অসমৰ কাঠৰ উদ্যোগৰ বাবে নতুন নিয়মত অনুমোদন জনাইছে কেবিনেটে। ইয়াৰ দ্বাৰা অগৰ আৰু প্লাই উদ্যোগবোৰৰ উন্নত হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী বৰুৱাই।
এতিয়াৰে পৰা নেপালী সম্প্রদায়ৰ লিম্বু উপাধিধাৰীসকলক অ'বিচি ৰূপে গণ্য কৰা হ’ব বুলি কেবিনেটত অনুমোদন জনোৱা হয়। আনহাতে ভুজেলসকল উপ-জাতি হিচাপে থাকিব।
আনহাতে মৰাণ-মটক পূৰ্বতে একে নম্বৰতে আছিল অ'বিচিৰ তালিকাত।এতিয়াৰে পৰা বেলেগ বেলেগ পৰিচয় হ’ব। মৰাণ সকল এতিয়াৰে পৰা ক্রমিক নম্বৰ ১৪, মটক সকল ক্রমিক নম্বৰ ৩৩ত থাকিব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।