/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/JAYANTA-MALLA-BARUAH.jpg)
ডিজিটেল ডেস্কঃ বিপদত বহু বল্কি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বিভিন্ন সময়ত বিৰোধী, সংবাদ মাধ্যম তথা বিভিন্ন দল, সংগঠনৰ সম্পৰ্কে অপমানসূচক মন্তব্যৰ লগতে তুচ্ছ-তাচ্ছিল্য কৰি অহা জয়ন্ত মল্ল বৰুৱাই এতিয়া নিজৰ কথা আৰু কামৰ বাবেই পৰিছে বি জে পি দলৰ মাতৃ সংগঠন আৰ এছ এছৰ ৰোষত। আৰ এছ এছৰ শীৰ্ষ নেতৃত্ব নাৰাজ হৈছে ন-মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ওপৰত।
হকে-বিহকে বিভিন্ন বিষয়ৰ ওপৰত নিজা মতামত দি বিতৰ্কৰ সৃষ্টিৰে সংবাদ শীৰ্ষত থাকিব বিচৰা জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ বিজেপিৰেই ছাত্ৰ সংগঠন এ বি ভি পি সম্পৰ্কে বিভিন্ন আপত্তিজনক মন্তব্য সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি সংগঠনটোৰ ৰোষত পৰিছে। শিক্ষাৰ মাধ্যম সম্পৰ্কে সৃষ্টি হৈ থকা বিতৰ্কৰ সম্পৰ্কত নিজৰ মতামত আগবঢ়াবলৈ গৈ এ বি ভি পিৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল।
উল্লেখ্য যে এ বি ভি পিয়ে মাতৃভাষাৰ মাধ্যমৰ শিক্ষাৰ ওপৰত পূৰ্বৰে পৰা গুৰুত্ব দি আহিছে। আনহাতে ৰাষ্ট্ৰীয় শিক্ষানীতিয়েও মাতৃভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। তাৰ পিছতো অসম চৰকাৰে অংক, আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত স্বাভাৱিকতে এ বি ভি পিয়েও অন্যান্য দল, সংগঠনসমূহৰ দৰে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে।
এই সম্পৰ্কে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল সংগঠনটোৱে। পিছে বহু বল্কি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিজেপিৰ বৌদ্ধিক চিন্তাৰ অন্যতম কঠিয়াতলি সদৃশ এ বি ভি পি সম্পৰ্কে বহু আপত্তিজনক মন্তব্য কৰাৰ লগতে সংগঠনটোৱে বিজেপি দলৰ লগত আলোচনা নকৰাকৈ কোনো সিদ্ধান্তও ল'ব নোৱাৰে বুলি ক'বলৈও সাহ কৰিছিল।
ইয়াৰ পিছতে এ বি ভি পিয়ে জয়ন্ত মল্ল বৰুৱাক উভতি ধৰাত মঙ্গলবাৰে পুৱা সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ সপক্ষে যুক্তি দি দুখ প্ৰকাশ কৰিছিল যদিও জয়ন্ত মল্ল বৰুৱাক লৈ সংগঠনটোৰ অসন্তুষ্টি যে দূৰ হোৱা নাই সেই কথা পুনৰ বাৰ প্ৰমাণ কৰি বিয়লি সংগঠনটোৱে পুনৰ এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে।
য'ত জয়ন্ত মল্ল বৰুৱাক শিক্ষা বিভাগৰ কথা বাদ দি নিজৰ বিভাগৰ ওপৰত গুৰুত্ব দিবলৈ কোৱাৰ লগতে এ বি ভি পি সম্পৰ্কে কোনো কথা নজনাকৈ মন্তব্য নকৰিবলৈ সকিয়াই দি তেওঁক এই সম্পৰ্কে জ্ঞান দিবলৈ সংগঠটো সাজু হৈছে বুলিও উল্লেখ কৰে।
তাৎপৰ্যপূৰ্ণ ভাবে ইয়াৰ পিছতে জয়ন্ত মল্ল বৰুৱাক আৰ এছ এছৰ শীৰ্ষ নেতৃত্বই তাৎক্ষণিক ভাৱে নাগপুৰলৈ তলৱ কৰে। জানিব পৰা মতে জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া কথা আৰু কাম-কাজক লৈ বাৰুকৈয়ে অসন্তুষ্ট হৈ পৰিছে আৰ এছ এছৰ শীৰ্ষ নেতৃত্ব। অৱশ্যে নাগপুৰৰ পৰা উভতাৰ পিছতহে গম পোৱা যাব এইগৰাকী বহুবল্কি তথা বিতৰ্কিত মন্ত্ৰীৰ কথা আৰু কামৰ পৰিৱৰ্তন হয়নে নহয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us