ধুবুৰীৰ বগৰীবাৰী মহামায়া মন্দিৰ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ...

ঐতিহাসিক মহামায়া মন্দিৰৰ সামগ্ৰীক পৰিবেশৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ বগৰীবাৰী মহামায়া মন্দিৰ পৰিদৰ্শন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ...

jayanta malla baruah at mahamaya temple

ডিজিটেল ডেস্ক : অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বগৰীবাৰী মহামায়া মন্দিৰ পৰিদৰ্শন কৰে। ঐতিহাসিক মহামায়া মন্দিৰৰ সামগ্ৰীক পৰিবেশৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীৰ ঐতিহাসিক শক্তিপীঠ হিচাপে জনাজাত মা মহামায়া মন্দিৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ মা মহামায়াক পৰিদৰ্শন কৰি সেবা আগবঢ়ায়।

Advertisment

এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে কেএচিৰ মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মন,  ধুবুৰী জিলা বিজেপি দলৰ সভাপতি তথা ধুবুৰী পৌৰসভাৰ চেয়াৰমেন ডা: দেবময় সন্যালৰ লগতে প্ৰশাসনিক কৰ্মকৰ্তাসকল। 

মন্ত্ৰীগৰাকীয়ে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী নথকাকৈ শক্তিপীঠ মা মহামায়া মন্দিৰত উপস্থিত হৈ প্ৰথমে মা মহামায়া মন্দিৰত পূজাৰ শৰাই আগবঢ়াই আৰু মহামায়া মন্দিৰৰ কাষতে থকা শিব মন্দিৰত পূজা আগবঢ়ায় ।

পিছত মা মহামায়া মন্দিৰৰ মুখ্য পুৰোহিত প্ৰদীপ শৰ্মা আৰু মন্দিৰ পৰিচালনা দায়িত্বত থকা কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰে। পিছত ঐতিহাসিক মা মহামায়া মন্দিৰৰ সামগ্ৰীক পৰিবেশৰ বুজ লয়।

assam jayanta malla baruah dhuburi