/asomiyapratidin/media/media_files/2025/05/05/J2R5aODUQ3dTBYBQlMsY.jpg)
ডিজিটেল ডেস্কঃ ''কংগ্ৰেছৰ চৰকাৰ অহা ৫০ বছৰলৈ যে অসমত নহয় এই কথা নিশ্চিত। কংগ্ৰেছৰ দল ইঞ্জিন নথকা গাড়ী। ইঞ্জিন থকা গাড়ীহে চলিব, ইঞ্জিন নথকা গাড়ী কেতিয়াও চলিব নোৱাৰে।''-এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।
কামৰূপ(ম)ৰ আমচিং যোৰাবাটত ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত আয়োজিত 'বিজয় সংকল্প সমাৱেশ’ত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ৰাইজক সম্বোধন কৰি তেওঁ কয় যে কেন্দ্ৰত বিজেপিৰ চৰকাৰ, ৰাজ্যত বিজেপিৰ চৰকাৰ আৰু এই অঞ্চলত যদি পঞ্চায়তত বিজেপি-মিত্ৰজোঁট নাথাকে, তেতিয়াহ’লে এই অঞ্চলত বেলেগৰ কাম কৰাৰ কোনো সুবিধাই নাই। গতিকে এই পৰিৱেশৰ মাজত যি হ’ব আমাৰ বিজেপি দলৰ নেতৃত্বত, আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে হ’ব লাগিব।
সভাত মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ সমস্যাবিলাক পৰ্যায়ক্ৰমে সমাধান কৰাৰো প্ৰতিশ্ৰুতি দি কয় যে বিকাশ আৰু উন্নয়নৰ লগতে আটাইতকৈ ডাঙৰ কথা হ’ল আজি আমি কোন দলৰ লগত, কোন চৰকাৰৰ লগত সুৰক্ষিত অনুভৱ কৰো। মন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে কাশ্মীৰৰ পেহেলগামত সংঘটিত বৰ্বৰ হত্যাকাণ্ডৰ প্ৰসংগ উত্থপন কৰি কয় যে আজি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে পেহেলগামত পাকিস্তানৰ পৰা উগ্ৰপন্থীয়ে আহি ২৮ জনকৈ মানুহক কেৱল হিন্দু হোৱা বাবে গুলীয়াই থৈ গৈছে। আমি সকলো এই ঘটনাত ম্ৰিয়মান হৈ আছো। আমি কোনেও এই ঘটনা সহজভাৱে ল’ব পৰা নাই।
আজি আমি এই ঘটনাৰ প্ৰতিশোধ বিচাৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমান দায়িত্বৰে এই প্ৰতিশোধ ল’বলৈ সাজু হৈছে। কিন্তু এই সময়তো যদি চায় অসমত এনেকুৱা কিছুমান ঘটনা ঘটি আছে, কিছুমান দলৰ সাংসদ, বিধায়ক ইত্যাদিৰ পাকিস্তান, বাংলাদেশৰ প্ৰতি থকা প্ৰেমৰ তেওঁলোকৰ কিছুমান বক্তব্যত ফেচবুকত দেখিবলৈ পাইছো।
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমত এনেকুৱা এজন সাংসদ আছে যিজন সাংসদে গোপনে পাকিস্তানলৈ গৈ ১৫ দিন কটাই আহিল, কিন্তু কাকো উত্তৰ নিদিয়ে। তেওঁ কিয় গৈছিল, কাক কাক লগ কৰিছিল, কোন মল্লাৰ লগত কথা পাতিছিল- এই কথাৰ আজি উত্তৰ নিদিয়ে সাংসদজনে। অসমত আজি এনেকুৱা পৰিৱেশ।
অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী, যিয়ে ১৫ বছৰ ধৰি অসমত শাসন কৰিছিল, তেওঁৰ নাতি ল’ৰা, সাংসদগৰাকী পুত্ৰই আজি ভাৰতীয় নাগৰিকত্ব নলয়। সাংসদগৰাকীৰ সন্তানে ভাৰতীয় নাগৰিকত্ব লৈছে নে নাই এই প্ৰশ্নৰো সাংসদগৰাকীয়ে উত্তৰ নিদিয়ে। তেওঁৰ ল’ৰা-ছোৱালী ব্ৰিটিছেই নে ভাৰতীয়ই সেই কথাও সন্দেহৰ আবৰ্তত বুলি কয় মন্ত্ৰীগৰাকীয়ে।
এই কথাবিলাক অসম তথা ভাৰতৰ ভৱিষ্যতৰ কাৰণে এটা ভয়াৱহ ইংগিত বুলি উল্লেখ কৰি তেওঁ কয় যে যিখন ৰাষ্ট্ৰৰ লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিগৰাকী এনেকুৱা ধৰণৰ কথাত জড়িত হৈ থাকে যে তেওঁৰ ল’ৰা-ছোৱালী কেতিয়াও ভাৰতীয় নহয়, ব্ৰিটিছৰ নাগৰিকত্ব লৈ থৈছে, সেইখন দেশত কংগ্ৰেছ দল জাতিটোৰ বাবে, ভাৰতীয়ৰ বাবে কিমান ভয়াৱহ হ’ব পাৰে বুলি উদ্বিগ্নতা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে আজি সাংসদগৰাকীৰ পত্নীয়ে পাকিস্তানৰ এটা এনজিঅ’ৰ পৰা দৰমহা লয়।
ভাৰতবৰ্ষত চাকৰি কৰে, পাকিস্তানৰ পৰা দৰমহা লয়, ইয়াৰো উত্তৰ সাংসদগৰাকীয়ে নিদিয়ে।সাংসদগৰাকীৰ পত্নীও বিদেশী, ল’ৰা-ছোৱালীও বিদেশী, দেশত কিবা গণ্ডগোল লাগিলে বিদেশলৈ পলাই গুচি যাব, ইয়াৰো প্ৰস্তুতি চাগে তেওঁ চলাই আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে গতিকে এইবিলাক মানুহৰ নেতৃত্বত কংগ্ৰেছ দলটো কি পৰ্যায়ত আছে আপোনালোকে জানে। সেই কাৰণে এইবাৰ নিৰ্বাচনত এই কথাবিলাকৰ উচিত জবাব দিব লাগিব মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি কয়।
পাকিস্তানৰ লগত যি দল থাকে সেই দলক ভাৰতবৰ্ষত নিঃশেষ কৰি পেলোৱাটো আমাৰ দায়িত্ব বুলি উল্লেখ কৰি নিৰ্বাচনৰ জৰিয়তে আমি তেওঁলোকক নিঃশেষ কৰি দেখুৱাব লাগিব বুলি কয়। তেওঁ পুনৰ কয় যে কংগ্ৰেছ শূন্য পৰিৱেশ এটা আজি আমি ইয়াত কৰি দেখুৱাব লাগিব। কাৰণ কোনো মানুহক ৰাষ্ট্ৰীয়তাবাদৰ লগত, দেশৰ সুৰক্ষাৰ লগত আপোচ কৰিবলৈ দিয়া নহ’ব। দেশৰ সুৰক্ষাৰ প্ৰতি যি ভয় আছে, সেই ভয়ৰ উত্তৰ আমি দিব লাগিব।
মন্ত্ৰীগৰাকীয়ে সুৰক্ষাৰ দিশটোত গুৰুত্ব দি ভোটাৰ ৰাইজক কংগ্ৰেছক ইয়াৰ পৰা উৎখাত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে সভাত চৰকাৰী বিভিন্ন উন্নয়নমূলক, জনহিতৈষী আঁচনিৰ বিষয়েও ৰাইজক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে মিত্ৰজোঁটৰ কাৰ্যকৰ্তা, সমৰ্থক আৰু শুভাকাংক্ষীৰ প্ৰচণ্ড উৎসাহ আৰু ৰাইজৰ অকুণ্ঠ সমৰ্থন দেখিবলৈ পাই অভিভূত হৈ পৰে আৰু নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে বিপুল ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিব বুলি উল্লেখ কৰে।
সভাত ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটী মহানগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰভাৰী বিজয় গুপ্তা, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকল আৰু অন্যান্য নেতা-কর্মী উপস্থিত থাকে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে বিজেপিৰ বৰপেটা জিলাৰ দ্বাৰা আয়োজিত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
বৰপেটাৰ কাছুমাৰা আণ্ডাভাঙা মহচৰা বজাৰ প্রাংগণত অনুষ্ঠিত সভাখনত মন্ত্ৰীগৰাকীয়ে অহা ৭ মে'ত অনুষ্ঠিতব্য পঞ্চায়ত নির্বাচনত ৰাইজক বিজেপি আৰু মিত্রজোঁটৰ মনোনীত প্রার্থীক তেওঁলোকৰ বহুমূলীয়া ভোটদানেৰে দুৰ্নীতিমুক্ত আৰু জনহিতৈষী পঞ্চায়তীৰাজ ব্যৱস্থা গঠন কৰি বিকশিত গ্রাম্যাঞ্চল নিৰ্মাণত সহায় কৰিবলৈ আহ্বান জনায়।
এই বিশাল সভাত আলোপতি কাছুমাৰা মণ্ডল সভাপতি জাকিৰ হুছেইন, বৰপেটা জিলা প্ৰভাৰী আমানুৰ ৰহমান খান, কাছুমাৰা আণ্ডাভাঙা মহচৰা বজাৰ উন্নয়ন সমিতিৰ সভাপতি আলহাজ মোগবুল হুছেইন, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকল আৰু অন্যান্য নেতা-কর্মী উপস্থিত থাকে।