/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/karubjb.jpg)
ডিজিটেল ডেস্ক: মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বুধবাৰে পুৱা শিলচৰৰ পৰা কৰিমগঞ্জত উপস্থিত হৈ কৰিমগঞ্জ উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সৱিশেষ বুজ লয় আৰু বানাক্ৰান্ত অঞ্চলসমূহৰ সকলো তথ্য সঠিকভাৱে মূল্যায়ন কৰি তাক আপডেট কৰা, সাহায্য সামগ্ৰীৰ সঠিক যোগান আৰু বিতৰণ আৰু লগতে শিশু আৰু পশুখাদ্যৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ সকলো সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।
তেওঁ প্ৰতিগৰাকী ৰাজহচক্ৰ বিষয়াই Flood Reporting and Information Management Systemত শুদ্ধ তথ্য আপলোড কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে চৰকাৰে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ সঠিক হিচাব উলিওৱাত ই সহায়ক হয়।
বৈঠকত তেখেতে জিলাখনত বানপানীৰ ফলত প্ৰাণ হেৰুওৱা মৃতকৰ নিকট আত্মীয় সকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা ৪ লাখকৈ টকাৰ চেকো অৰ্পণ কৰে।
লগতে মন্ত্ৰী ডাঙৰীয়াই জিলাখনৰ কেইবাটাও সাহাৰ্য্য শিবিৰ পৰিভ্ৰমণ কৰি শিৱিৰত থকা বানাক্ৰান্ত লোকসকলৰ সৈতে প্ৰত্যক্ষ ভাবে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন অভাৱ অভিযোগ আদিৰ বিষয়ে জানিবলৈ চেষ্টা কৰে আৰু শিবিৰসমূহত যোগান ধৰা সাহাৰ্য্য আৰু আন আন সুবিধা সমূহৰ সম্পূৰ্ণ খতিয়ান লয়।
আৰু পঢ়ক: কোনে, কিয় ডিঙি ৰেপি হত্যা কৰিলে বিশেষভাৱে সক্ষম মহিলাক?