/asomiyapratidin/media/media_files/2024/12/08/6Y1sg1tZvolGAYpbLzYV.jpg)
ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ-২০২৪ অনুষ্ঠান। বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই উদ্বোধনী ভাষণ প্ৰদান কৰে।
কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জল পৰিবহণ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত আন কেইবাজনো উপাচাৰ্য, মহাবিদ্যালয়ৰ অধ্যক্ষ, কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, শিক্ষাবিদ, বুদ্ধিজীৱি, দল, সংগঠনৰ নেতা, সমাজৰ ভিন্ন স্তৰৰ লোকৰ লগতে শিক্ষাৰ্থী উপস্থিত আছে।
উদ্বোধনী ভাষণত জয়ন্ত বৰুৱাই কয়, ‘’আজি আমাৰ বাবে এক সৌভাগ্যৰ দিন। আজিৰ পৰা ২৫ বছৰৰ আগতে 'সাদিন প্রতিদিন'ৰ ডিব্ৰুগড় সংস্কৰণৰ শুভাৰম্ভ কৰা হৈছিল। আপোনালোকৰ মৰম-চেনেহৰ মাজেৰে অগ্ৰসৰ হৈ আশীৰ দশকৰ শেষত আৰম্ভ হোৱা 'সাদিন প্রতিদিন'ৰ যাত্রাই এনে এক সোণোৱালী ক্ষণত আমাক উপনীত কৰাইছে।‘’
তেওঁ পুনৰ কয়, ‘’ডিব্ৰুগড় সংস্কৰণৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি তিনিদিনীয়া এক কার্যসূচী লৈ আমি সকলো ডিব্রুগড়ত উপস্থিত হৈছো। ইয়াৰ আৰম্ভণি কাৰ্যসূচী হিচাপে এইবাৰৰ এচিভাৰ এৱাৰ্ডছ অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদৰ এই ৰংঘৰ প্রেক্ষাগৃহত অনুষ্ঠিত কৰাৰ বাবে আমি সমবেত হৈছো। এইক্ষেত্রত আমাক সর্বতো সহায়-সহযোগ কৰাৰ বাবে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকা ডাঙৰীয়া আৰু পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালকে ধৰি বিশ্ববিদ্যালয়ৰব অসমীয়া বিভাগ প্রমুখ্যে সমুদায় কার্যকর্তাক কৃতজ্ঞতা জ্ঞাপন কৰিছো।‘’
এচিভাৰ এৱাৰ্ডছ-২০২৪ ৰ সন্দৰ্ভত তেওঁ পুনৰ কয়, মই অতিকৈ আনন্দিত যে আজিৰ এই এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত বৰেণ্য ব্যক্তিৰ জীৱনজোৰা সাধনা বঁটাৰ লগতে সাহিত্য, সংবাদক্ষেত্রত অনবদ্য বৰঙণি থকা আন এজন বৰেণ্য ব্যক্তিক 'সাদিন সাহিত্য সাংবাদিকতা বঁটা' প্রদান কৰা হ'ব। তদুপৰি উত্তৰ-পূবৰ ক্ৰীড়া, সংস্কৃতি, সমাজ, অর্থনীতি তথা অন্যান্য ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ১৩ গৰাকী প্রতিভাৱান লোকৰ প্ৰতি এই এচিভাৰ এৱাৰ্ডছ সন্মান আগবঢ়োৱা হ'ব।
বৰুৱাই আৰু কয়, অসমৰ ৰাইজৰ আশীর্বাদ আৰু আমাৰ পিতৃ তথা প্র-পিতামহ প্রয়াত হেমকোষপ্রাণ দেৱানন্দ বৰুৱা আৰু ভাষাৰ ওজাখ্যাত হেমচন্দ্র বৰুৱাৰ অনুপ্ৰেৰণাৰে আগবাঢ়ি আজি 'সাদিন-প্রতিদিন' গোষ্ঠী অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰে নহয়, ভাৰতবৰ্ষৰে এক অগ্রণী সংবাদ গোষ্ঠীত পৰিণত হৈছে। সফলতাপূর্ণ এই দীঘলীয়া যাত্ৰাত অসমৰ জাতি-জনগোষ্ঠীৰ সৰ্বস্তৰৰ ৰাইজ, বিভিন্ন চহৰ আৰু গ্রামাঞ্চলত সিঁচৰতি হৈ থকা আমাৰ সংবাদকর্মীসকলৰ লগতে ৰাজ্যৰ বৌদ্ধিক-বিদ্যায়তনিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ নেতা- কর্মীসকলৰ আমি অকুণ্ঠ সহযোগিতা লাভ কৰিছো। যাৰ বাবেই এয়া সম্ভব হৈছে। সেয়ে এই সহযোগিতাৰ বাবে মই আকৌ এবাৰ সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
উদ্বোধনী ভাষণতে জয়ন্ত বৰুৱাই লগতে কয়, 'সাদিন প্রতিদিন' গোষ্ঠীৰ অনুপ্ৰেৰণাৰ মূল উৎসস্বৰূপ আৰু অসমীয়া ভাষা তথা জাতীয় জীৱনৰ সংকটৰ সময়ত অসমীয়া ভাষাৰ পুনৰ প্রাণ প্রতিষ্ঠা কৰা হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ অৱয়বৰ এক ব্ৰঞ্জৰ প্রতিমূর্তিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্রতিষ্ঠা কৰা হৈছে। এইগৰাকী মহামানৱৰ ১৯০ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি অহা ১০ ডিচেম্বৰৰ পুৱা ১০ বজাত এই প্রতিমূর্তিটো উন্মোচন কৰিব বৰেণ্য পণ্ডিত-সাহিত্যিক ড০ নগেন শইকীয়াদেৱে। এই অনুষ্ঠানতো তেওঁ সকলো ৰাইজৰ সহযোগিতা আশা কৰিছে বৰুৱাই।