'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণৰ প্ৰকাশক জয়ন্ত বৰুৱাক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ সম্বৰ্ধনা

মকোষ'ৰ দ্বি-ভাষিক ব্ৰেইল সংস্কৰণৰ প্ৰকাশৰ জৰিয়তে গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত নাম খোদিত কৰাই সমগ্ৰ অসমীয়া জাতিকে গৌৰৱান্বিত কৰিছে।

author-image
Asomiya Pratidin
New Update
'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণৰ প্ৰকাশক জয়ন্ত বৰুৱাক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ সম্বৰ্ধনা

ডিজিটেল ডেস্কঃ হেমকোষ'ৰ দ্বি-ভাষিক ব্ৰেইল সংস্কৰণৰ প্ৰকাশৰ জৰিয়তে গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত নাম খোদিত কৰাই সমগ্ৰ অসমীয়া জাতিকে গৌৰৱান্বিত কৰিছে। সমাজৰ দৃষ্টিশক্তিহীন সকলৰ প্ৰতি আগবঢ়োৱা দৃষ্টান্তমূলক সেৱাৰ বাবে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিয়ে বৃহস্পতিবাৰে এই অভিযানৰ গুৰিয়াল , সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা সম্পাদক জয়ন্ত বৰুৱাক তেওঁৰ সংবাদ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ৰ কক্ষতে সাক্ষাৎ কৰি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

Advertisment

কালি দুপৰীয়া সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ হৈ সভাপতি প্ৰদ্যুত কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক ৰন্টু ডেকা, সহকাৰী সম্পাদক কমলেন্দ্ৰ ভৰালী, প্ৰচাৰ সম্পাদক মণি মহন্ত আৰু কাৰ্যনিৰ্বাহক সদস্য তথা হিন্দী কাকত 'দৈনিক পূৰ্বোদয়'ৰ সম্পাদক ৰবিশংকৰ ৰবিয়ে অগ্ৰণী প্ৰকাশক- সম্পাদক জয়ন্ত বৰুৱাক এখন অভিনন্দন- সম্বৰ্ধনা পত্ৰ আৰু এখন ফুলাম গামোচা প্ৰদান কৰে।

সমিতিৰ প্ৰচাৰ সম্পাদক মণি মহন্তই পাঠ কৰি দিয়া অভিনন্দন- প্ৰশস্তি পত্ৰখনত 'হেমকোষ'ৰ বিশাল আৰু ব্যৰ্য়বহুল ব্ৰেইল সংস্কৰণটো প্ৰকাশৰ জৰিয়তে জয়ন্ত বৰুৱাই অসমীয়া জাতিলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে বিশেষকৈ দৃষ্টিহীনসকলৰ হকে সাধন কৰা বিৰল কল্যাণমূলক সেৱাৰ শলাগ লৈ স্মৃতিৰক্ষা সমিতিয়ে জয়ন্ত বৰুৱাৰ সুদীৰ্ঘ জীৱন কামনাৰে শুভেচ্ছা জনায় ।

Also Read: মাৰ্ঘেৰিটা কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডত আছে নেকি আন কোনোবা জড়িত?