বিলাসীপাৰাত ভাৰতীয় সেনা জোৱানৰ অকাল বিয়োগ, সামৰিক মৰ্যদাৰে শেষকৃত সম্পন্ন

বিলাসীপাৰাত ভাৰতীয় সেনা জোৱানৰ অকাল বিয়োগ, সামৰিক মৰ্যদাৰে শেষকৃত সম্পন্ন

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ ভাৰত মাতৃৰ হকে সেৱা আগবঢ়োৱা এজন ভাৰতীয় সেনা জোৱানৰ অকাল বিয়োগত মৰ্মাহত সমগ্ৰ বিলাসীপাৰা।

বিলাসীপাৰাৰ সাপটগ্ৰাম শান্তিপুৰ গাঁৱৰ বাসিন্দা জয়কান্ত দাসৰ পুত্ৰ ভাৰতীয় সেনা বাহিনীৰ জোৱান দেৱজিৎ দাসৰ অকাল বিয়োগৰ খবৰে মৰ্মাহত কৰি তুলিছে সমগ্ৰ অঞ্চল।দেশ মাতৃৰ হকে জীৱন উচৰ্গা কৰা সেনা জোৱান দেৱজিৎ দাসক মঙলবাৰে নিশা সামৰিক মৰ্যাদাৰে শেষ কৃত সম্পন্ন কৰা হয় |

সৰুৰে পৰা দেশ মাতৃৰ হকে সেৱা কৰাৰ মনোভাৱ লৈ ডাঙৰ হোৱা দেৱজিৎ দাসে ২০০৫ চনৰ ১৪ মাৰ্চত ভাৰতীয় সেনা বাহিনীৰ ১১৯ নং ইউনিফ্ৰেন্ট ইউনিটত যোগদান কৰিছিল। সেনা বাহিনীত যোগদান কৰি জম্মু কাশ্মীৰত সন্ত্ৰাসবাদৰ হকে যুঁজ দি আহি শেহতীয়া কৈ ছত্তিশগড়ত নিযুক্ত হয়।

যোৱা ১৭ ফেব্ৰুৱাৰীত ছত্তিশগড় সেনা শিৱিৰৰ পৰা ২৮ দিনৰ ছুটি লৈ নিজ গৃহ শান্তিপুৰত উপস্থিত হৈছিল যুৱকজন। ঘৰত থকা অৱস্থাতে যোৱা ২৫ ফেব্ৰুৱাৰীত হঠাতে অসুস্থ হৈ পৰাত সেনা জোৱান জনক কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সিদিনাই বঙাইগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।

বঙাইগাঁৱত চিকিৎসাধীন হৈ অৱস্থাত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে। তাৰ পিছতে মৃতদেহ ঘৰলৈ অনা হয় যদিও এই খবৰ পাই সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ লগতে সেনা জোৱানৰ দল এটাই প্ৰয়াত দেৱজিৎ দাসৰ ঘৰত উপস্থিত হৈ সম্পূৰ্ণ সামৰিক মৰ্যদাৰে সেনা দাসক অন্তিম শ্ৰদ্ধাঞ্জলি জনায় |

পিছত টোপ ধ্বনিৰে স্থানীয় শ্মশানত শেষ কৃত সম্পন্ন কৰে। সেনা জোৱান জনৰ এনে অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

বিলাসীপাৰাত ভাৰতীয় সেনা জোৱানৰ অকাল বিয়োগ, সামৰিক মৰ্যদাৰে শেষকৃত সম্পন্ন
প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in