শিক্ষক, সমাজকৰ্মী,অসম সাহিত্য সভাৰ আজীৱন সভ্য যতীন চন্দ্ৰ বৰুৱাৰ পৰলোক প্ৰাপ্তি ...

মঙলদৈৰ ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী কৃতি শিক্ষক , শংকৰ সংঘৰ এগৰাকী অক্লান্ত কৰ্মী , অসম সাহিত্য সভাৰ আজীৱন সভ্য, সমাজকৰ্মী যতীন চন্দ্ৰ বৰুৱাৰ বুধবাৰে আবেলি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আকস্মিক ভাৱে মৃত্যু হয়। বৰুৱা এগৰাকী ভাল সমাজ কৰ্মী তথা সমাজ সংগঠক আছিল ।

author-image
Asomiya Pratidin
New Update
শিক্ষক, সমাজকৰ্মী,অসম সাহিত্য সভাৰ আজীৱন সভ্য যতীন চন্দ্ৰ বৰুৱাৰ পৰলোক প্ৰাপ্তি ...

Jatin chandra baruah

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈৰ ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী কৃতি শিক্ষক , শংকৰ সংঘৰ এগৰাকী অক্লান্ত কৰ্মী , অসম সাহিত্য সভাৰ আজীৱন সভ্য, সমাজকৰ্মী যতীন চন্দ্ৰ বৰুৱাৰ বুধবাৰে আবেলি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আকস্মিক ভাৱে মৃত্যু হয়। বৰুৱা এগৰাকী ভাল সমাজ কৰ্মী তথা সমাজ সংগঠক আছিল ।

Advertisment

মৃত্যুৰ সময়ত যতীন চন্দ্ৰ বৰুৱাই পত্নী, দুই পুত্ৰ আৰু এগৰাকী বোৱাৰীৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়। বৰুৱাৰ মৃত্যুত মঙলদৈত শোকৰ ছাঁ পৰে।

বৰুৱাৰ মৃত্যুত দৰং জিলা সাহিত্য সভা, সদৌ দৰং জিলা ছাত্ৰ সন্থা , দৰং জিলা শংকৰ সংঘ,মঙলদৈ প্ৰেছ ক্লাব,মঙলদৈ জিলা মইনা পাৰিজাত,প্ৰফুল্ল নগৰ শাখা সাহিত্য সভা,ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ,গেৰিমাৰী অগ্ৰগামী যুৱ সংঘ, ৰূপকোঁৱৰ মইনা পাৰিজাত আদি অনুস্থান প্ৰতিস্থানৰ লগতে বহু লোকে শোক প্ৰকাশ কৰে।

মৃতকৰ মৃত দেহ মঙলদৈ প্ৰফুল্ল নগৰস্থিত বাসগৃহত ওচৰ চুবুৰীয়ায় শেষ শ্ৰদ্ধা জনোৱাৰ পিছত মৃত্যুৰ সময়লৈকে বৰুৱা জড়িত হৈ থকা শংকৰ সংঘৰ স্থানীয় নাম ঘৰ,গেৰিমাৰী অগ্ৰগামী যুৱ সংঘ,ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়,মঙলদৈ কেন্দ্ৰীয় নামঘৰলৈ নি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

assam dead mangaldai