ছুপাৰহিট ৰত্নাকৰঃ ৰাজ্যৰ কেইবাঠাইতো ছবিগৃহত VIDEO কৰি আটক যুৱক…

ছুপাৰহিট ৰত্নাকৰঃ ৰাজ্যৰ কেইবাঠাইতো ছবিগৃহত VIDEO কৰি আটক যুৱক…

author-image
asomiyapratidin
New Update
ছুপাৰহিট ৰত্নাকৰঃ ৰাজ্যৰ কেইবাঠাইতো ছবিগৃহত VIDEO  কৰি আটক যুৱক…

ডিজিটেল ডেস্কঃ ইংৰাজী-হিন্দী ছবিক ছবিঘৰৰ পৰা উফৰাই অসমত প্ৰথমদিনাই অভূৰপূৰ্ব সহাৰি লাভ কৰিলে যতীন বৰাৰ ছবি ৰত্নাকৰে। অসমত ৫৯ টাৰ লগতে মুম্বাই, পুনে, দিল্লী, হায়দৰাবাদ আৰু বেংগালুৰুৰ ১১ টা ছবিঘৰত সগৌৰৱেৰে ছলি আছে ৰত্মাকৰ। প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যৰ ৮০ শতাংশ চিনেমাঘৰত আটাইকেইটা দৰ্শনীৰে ৩ দিনৰ টিকট ইতিমধ্যেই শেষ হৈছে। মুঠৰ ওপৰত কব পাৰি যে, অসমীয়া চিনেমাৰ জড়তা ভাঙি ৰত্নাকৰ চাবলৈ হিলদ'ল ভাঙি ছবিঘৰলৈ আহিল দৰ্শক।

Advertisment

ৰত্নাকৰলৈ দৰ্শকে জনোৱা সহাঁৰি মাজতে ৰাজ্যৰ কেইবাঠাইৰ ছবিঘৰত সংঘটিত হল অঘটন। ছবিখন চলি থাকোতেই ভিডিঅ কৰি আৰক্ষীৰ হাতত পৰিল কেইবাজনো যুৱক। গুৱাহাটীৰ অনুৰাধা চিনেমাহলৰ লগতে নগাঁও, ওদালগুৰি, কলিয়াবৰ, নগাঁওত ৰত্নাকৰ ছবিখন ভিডিঅ কৰি হাতে লুটে ধৰা পৰিল কেইবাজনো যুৱক। ইয়াৰে অধিক সংখ্যক যুৱকেই হৈছে কলেজীয়া ছাত্ৰ।

যোৱা শুকুৰবাৰে নিশা এই বিষয়ৰ সন্দৰ্ভত ফেচবুকত উদ্বেক প্ৰকাশ কৰে ছবিখনৰ অভিনেতা যতীন বৰা আৰু প্ৰযোজিকা নৱনীতা বৰাই। যতীন বৰাই এইবোৰ কামৰ পৰা আতৰি থকাৰ লগতে অসমীয়া ছবিক পুনৰ থন ধৰি উঠাত সহায় কৰিবলৈ সকলোকে আহ্বান জনায়। তেও লগতে ছবিখনলৈ দৰ্শকে আগবঢ়োৱা মৰমৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

যতীন বৰাই লগতে কয় যে গুৱাহাটীৰ অনুৰাধাৰ চিনেমা হলৰ পৰা এজন যুৱকক চান্দমাৰী আৰক্ষীয়ে ভিডিঅ কৰি থকাৰ বাবে আটক কৰিছিল যদিও যতীন বৰাই যুৱকজনক এৰি দিবলৈ আৰক্ষীক আহ্বান জনায়। ইফালে প্ৰযোজিকা নৱনীতাইয়ো আগন্তুক সময়ত এনে কামৰ পৰা আতৰি থাকিবলৈ সকলোকে আহ্বান জনায়।

উল্লখ্য যে, কিছু দিনৰ পূৰ্বে মুক্তি পোৱা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ ভিডিঅ কৰিও আৰক্ষীৰ জালত পৰিছিল এজন যুৱক।