ৰাজ্যত ভয়াবহ ৰূপ জাপানীজ এনকেফেলাইটিচৰ, চলিত মাহত মৃত্যু ৩৮ গৰাকীৰ…

ৰাজ্যত ভয়াবহ ৰূপ জাপানীজ এনকেফেলাইটিচৰ, চলিত মাহত মৃত্যু ৩৮ গৰাকীৰ…

author-image
asomiyapratidin
New Update
শিৱসাগৰত জাপানীজ এনকেফেলাইটিছৰ তাণ্ডৱঃ১৪ জন আক্ৰান্ত, প্ৰাণ হেৰুৱালে ৩ জনে...

ডিজিটেল ডেস্ক: ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে জাপানীক এনকেফেলাইটিছে। চলিত মাহতে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৮ গৰাকী। নতুনকৈ ১৫ জন লোকৰ দেহত জাপানীজ এনকেফেলাইটিচ ধৰা পৰাত ৰাজ্যত মুঠ জাপানী এনকেফেলাইটিচত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ২৫১।

Advertisment

বাক্সা, চিৰাং, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, নগাঁও, যোৰহাট, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া, নলবাৰীতো ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ। বানপানীৰ পাছত এই ৰোগৰ পাদুৰ্ভাৱ বাঢ়িছে ৰাজ্যত।

জি এম চি এইচত মুঠ ৫০ জন ৰোগী জাপানীজ এনকেফেলাইটিচ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ইয়াৰে ১১ জন আছে আই চি ইউত। ৰাজ্যৰ আন প্ৰান্তৰ হস্পাতালতো যথেষ্ঠ সংখ্যক ৰোগী চিকিৎসাধীন হৈ আছে। কামপুৰ ৰেফাৰেল হস্পাতালত চিকিৎসাধীন দুজন জাপানীজ এনকেফেলাইটিচ ৰোগীৰ মৃত্যু হৈছে।

আৰু পঢ়ক: গাঞ্জা সৰবৰাহত জড়িতৰ অভিযোগত ৭ আৰক্ষীক ৰিজাৰ্ভ ক্ল'জ…

assam dead gmch japanese encephalitis