বনবন্ধু পৰিষদৰ উদ্যোগত ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী

বনবন্ধু পৰিষদৰ উদ্যোগত ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
বনবন্ধু পৰিষদৰ উদ্যোগত ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী

ডিজিটেল সংবাদ , বটদ্ৰৱা: বনবন্ধু পৰিষদৰ মহিলা সমিতিৰ উদ্যোগত ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি মঙলবাৰে নগাঁও চহৰৰ আৰ ডি বিবাহ ভৱনত এক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। বিয়লি একল অভিযান কঠিয়াতলি সঞ্চৰ সভাপতি শত্ৰুক্ষ্ণ তাচা, সম্পাদক পৱন ৰাউতিয়া, ৰাজেন টংলাৰ দলে পৰিবেশন কৰা শ্ৰীকৃষ্ণ বন্দনা, ভজন আদি বিভিন্ন সাংগীতিক অনুষ্ঠানত মন্ত্ৰমুগ্ধ হৈ পৰে উপস্থিত ৰাইজ।

Advertisment

বনবন্ধু পৰিষদৰ নগাঁও জিলা মহিলা সমিতিৰ সভানেত্ৰী প্ৰেমলতা ত্ৰিব্ৰিৱাল, সম্পাদিকা চৰিতা আগৰৱালাই আঁত ধৰা অনুষ্ঠানটিত ববিতা বগৰীয়া, অনিতা খাদৰিয়া, সংগীতা পাটিল, লখিমী দেৱী, প্ৰভা কুৰ্মী, প্ৰিয়ম্বদা কাশ্যপ, পল্লবী বৰা, সাংবাদিক দিব্যজ্যোতি বৰুৱাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। কৃষ্ণ জন্মৰ আনন্দত আত্মহাৰা হৈ সকলো কৃষ্ণ নাম বন্দন কৰি এক সুন্দৰ পৰিবেশৰ সূচনা কৰে।

Also Read: এইবাৰ পুনৰ অংকৰ শিক্ষক, ছাত্ৰীয়ে তুলিছে গুৰুতৰ অভিযোগ