জনসংখ্যা বিস্ফোৰণ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাক জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ আদৰণি…

জনসংখ্যা বিস্ফোৰণ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাক জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ আদৰণি...মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ সফলতাৰে এমাহ

author-image
asomiyapratidin
New Update
জনসংখ্যা বিস্ফোৰণ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাক জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ আদৰণি…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ সফলতাৰে এমাহ সম্পূৰ্ণ কৰা বাবে ড০ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে জনসংখ্যা সমাধান ফাউণ্ডেচনে। নিৰ্বাচনৰ পূৰ্বে ফাউণ্ডেশ্যনটোৱে প্ৰতিটো ৰাজনৈতিক দল আৰু ৰাজনৈতিক নেতাসকলক জনসংখ্যা বিস্ফোৰণৰ বিষয়টোত গুৰুত্ব দিবলৈ আহ্বান জনাইছিল।

Advertisment

পঢ়িবলৈ ক্লিক কৰকঃ শিক্ষাৰ্থীৰ শিক্ষাবৰ্ষ শেষ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুক অনুৰোধ সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লীৰ…

এই আহ্বানৰ প্ৰতি স্পষ্টকৈ সঁহাৰি জনোৱা একমাত্ৰ নেতা গৰাকী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল বুলি উল্লেখ কৰি এক প্ৰেছ বিবৃতিত তেওঁলোকে লিখিছে- নিৰ্বাচনী প্ৰচাৰ সভাসমূহত ড০ শৰ্মাই জনসংখ্যা বিস্ফোৰণ সম্পৰ্কে অসমবাসী ৰাইজক সজাগ কৰি দিছিল। জয়লাভ কৰি অসমৰ গুৰু দায়িত্ব লোৱাৰ পিছতো বিষয়টোক লৈ তেখেতে যি তৎপৰতা দেখুৱাইছে তাৰ বাবে আমি উৎসাহী হৈ পৰিছো। চৰকাৰৰ এমাহ পূৰ্তি উপলক্ষে আজি তেখেতে জন-বিস্ফোৰণক লৈ শংকা ব্যক্ত কৰাৰ লগতে জনসংখ্যা বিস্ফোৰণ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ কথা কৈছে।

লগতে জনসংখ্যা সমাধান ফাউণ্ডেচনে কয়- জন বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে উল্লেখযোগ্য মন্তব্য আগবঢ়াই কৈছে যে- 'এনেদৰে জনসংখ্যা বৃদ্ধি পাই গৈ থাকিলে কোনোবা দিনা তেওঁলোকে কামাখ্যা মন্দিৰতো দখল কৰিব।' মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমছু (AAMSU) আৰু এ আই ইউ ডি এফকো (AIUDF)  জনসংখ্যা নিয়ন্ত্ৰণৰ চেষ্টা কৰিবলৈ আহ্বান জনাইছে।

ফাউণ্ডেশ্যনটোৱে এই প্ৰচেষ্টা সময়ে সময়ে কৰি আহিছো। জনসংখ্যা সমাধান ফাউণ্ডেচনৰ তৰফৰ পৰা পুনৰবাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই আৰু অসমত শীঘ্ৰে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন তথা ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। য'ত জনসংখ্যা বিস্ফোৰণকাৰীক সকলো সাংবিধানিক আৰু চৰকাৰী সুবিধা আদিৰ পৰা আতৰাই ৰাখিব পাৰি। মুখ্যমন্ত্ৰী শৰ্মাই জনসংখ্যা বিস্ফোৰণৰ দৰে ভয়াৱহ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যৰ লগতে সৰ্বভাৰতীয় পৰ্যায়তো এখন কঠোৰ আইন প্ৰণয়নৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আশা ব্যক্ত কৰে ফাউণ্ডেশ্যনটোৱে।