শিক্ষাৰ্থীৰ শিক্ষাবৰ্ষ শেষ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুক অনুৰোধ সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লীৰ…

শিক্ষাৰ্থীৰ শিক্ষাবৰ্ষ শেষ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুক অনুৰোধ সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লীৰ…

ডিজিটেল ডেস্কঃ সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লীয়ে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এক গুৰুত্বপূৰ্ণ প্ৰেছ বিজ্ঞপ্তি। এই বিবৃতিত লিখা হৈছে যে- ৮ জুন, ২০২১ত অসম চৰকাৰ আৰু আছু, আবছু সমন্বিতে বিভিন্ন দল-সংগঠনৰ সৈতে হোৱা বৈঠকত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰীক্ষা সমূহ সকলো কোভিড বিধি মানি আগষ্ট মাহৰ প্ৰথম ভাগত অনুষ্ঠিত কৰি ছেপ্টেম্বৰ মাহৰ ৫ তাৰিখৰ ভিতৰত ফলাফল ঘোষণাৰ নিৰ্ণয় লোৱা হৈছে।

আনহাতে, দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জনাইছে যে বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত প্ৰায় ৭৭খন কলেজৰ নামভৰ্তি প্ৰক্ৰিয়া জুলাই মাহৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হ'ব। এই কথাও উল্লেখজনক যে দিল্লী বিশ্ববিদ্যালয়ৰ বিষয়ববীয়াসকলে ইতিমধ্যে জনাইছে যে দেশৰ বিভিন্ন ৰাজ্যিক শিক্ষা সংসদসমূহে জুলাই মাহৰ মধ্যভাগত তেওঁলোকৰ ফলাফল দাখিল কৰিব বুলি আশা কৰি নামভৰ্তি প্ৰক্ৰিয়া আগবঢ়াইছে বুলি লিখিছে এই বিবৃতিত।

লগতে সদৌ অসমীয়া ছাত্ৰ সংস্থাই বিবৃতিযোগে কয়- যদিহে এই কথা বাস্তৱত পৰিণত হয় তেনেহ'লে অসম ৰাজ্যিক উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকল দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'ব পাৰে। এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ লগতে আমি সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লী শংকিত আৰু উদ্বিগ্ন। সেয়েহে আমি অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু মহোদয়ক এই বিষয়ত গুৰুত্ব আৰোপ কৰি ইতিবাচক সঁহাৰিৰে শিক্ষাৰ্থীসকলৰ এটা শিক্ষাবৰ্ষ শেষ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in