/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0af0f8be-4aa2-49f1-9ed3-ff9206d0eb7e/u6.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ বিশিষ্ট সমাজকৰ্মী, চলচ্চিত্ৰ প্ৰযোজক তথা ৰাষ্ট্ৰপতি বঁটা প্ৰাপক ৰাজেন বৰাৰ সহধৰ্মিণী যমুনা সন্দিকৈ বৰাৰ দেওবাৰে নিশা প্ৰায় ৮.১০ বজাত নিজ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটে। বৰাৰ মৃত্যুত হাওৰাঘাট অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ।
হাওৰাঘাটৰ সৰবৰহী মহিলা যমুনা সন্দিকৈ বৰাৰ মৃত্যুত হাওৰাঘাট অঞ্চলকে ধৰি সমগ্ৰ কাৰ্বি আংলং জিলাতে শোকৰ ছাঁ পেলাইছে । তেওঁৰ অকাল মৃত্যুত বহু বিশিষ্ট ব্যক্তি, দল, সংগঠনে তেওঁৰ বাসগৃহত উপস্থিত থাকে।
কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱেশ ৰাজবংশী, হাওৰাঘাট শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰধান আচাৰ্য বিমল ধৰ, নৰেশ সন্দিকৈ, কমল শইকীয়াই আৰু শোক বাৰ্তাৰ যোগেদি সমবেদনা জনায়। লগতে সাহিত্য অকাডেমি বঁটা প্ৰাপক ৰত্নেশ্বৰ নাৰ্জাৰী, বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰী, কবি কল্পনা বৰা, মণিকা টেৰণপী, ৰূপালী বসুমতাৰী, মোলান চন্দ্ৰ লস্কৰ, মথুৰা ফংলুচা, মমিত খাখলাৰীকে ধৰি বহু বিশিষ্টলোকে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত স্বামী,পুত্ৰ আৰু বহু আত্মীয় স্বজনক এৰি থৈ যায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f3a9bff8-e128-43d3-a668-ca63dfb0a361/c6fe0e85_5d49_480c_a4e5_801dce194925.jpg)
Also Read: মনিষ চিছোদিয়াৰ পিছত ৰাবড়ী দেৱী ! ৫ ঘণ্টা ধৰি বাসগৃহতে চি বি আইয়ে চলালে জেৰা...