/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b3d7cfb3-8a08-4767-86ba-7300ed5ec27c/164.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ তিনি যুৱকৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ শনিবাৰে নিশা সংগীয়া মাজৰ চুক গাঁৱৰ পথত এটি বৰ কাছই বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে তিনি যুৱকে ৷
কাছটো কেউগৰাকী যুৱকে ততাতয়াকৈ উদ্ধাৰ কৰি দেওপুখুৰীত মুকলি কৰি দিয়ে। মহানুভৱতাৰ পৰিচয় দিয়া এই ৩ যুৱকৰ নাম হৈছে- ৰাতুল ভূঞা,হৰেণ বৰা আৰু মুন্না বৰাই।
কেউগৰাকৰী উদীয়মাণ যুৱকে জামুগুৰিহাটৰ সাংবাদিক হিৰণ্য বৰাৰ সহযোগত ঐতিহ্যমণ্ডিত দেওপুখুৰীত উদ্বাৰ কৰা কাছটো মুকলি কৰি দিয়ে বুলি জনায়। যিসময়ত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে বন্যপ্ৰাণীক নিধন কৰা অথবা ভক্ষণ কৰা কৰ্ম কৰিবলৈ কুণ্ঠাবোধ নকৰে, ঠিক তেনে সময়তে এইসকল যুৱকৰ এনে ইতিবাচক কৰ্মৰাজিক সকলোৱে একমুখে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷
Also Read: প্ৰধানমন্ত্ৰী মোডীয়ে ফ্লেগ অফ কৰিলে ৯খন নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ