/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/da181509-0018-447d-80b9-0db8c860a5d3/AP_Thumbnail_Bahi.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ এগৰাকী যুৱশিল্পীৰ হাতৰ পৰশত প্ৰান পাই উঠিছে অসমীয়া সংস্কৃতিৰ আহিলা গগণা, বাঁহী, টোকাৰী আদিকে ধৰি ৰঙালী বিহুত বজোৱা বিভিন্ন বাদ্যযন্ত্ৰ৷ হাটিঙা ৰামপুৰ গাঁৱৰ পল্লৱ জম নামৰ যুৱশিল্পী গৰাকীয়ে নিজ হাতে বাদ্যযন্ত্ৰ নিৰ্মান কৰি উলিয়াই বাপোতিসাহোন ৰঙালী বিহুৰ বতৰত বিক্ৰীৰ বাবে সাজু হৈছে৷
প্ৰতিভাবান যুৱশিল্পী পল্লৱ জমে নিজেও সুন্দৰকৈ গগনা বাঁহী আদি বজাই ৰাইজৰ দ্বাৰা প্ৰসংশা লাভ কৰি আহিছে৷ জিলাখনৰ বিভিন্ন জনৰ আহ্বানৰ ভিত্তিতে নিজ প্ৰচষ্টাৰে প্ৰায় দুইশৰো অধিক গগণাৰ লগতে অন্যান্য বাদ্যযন্ত্ৰ তৈয়াৰ কৰি উলিওৱা যুৱ শিল্পী গৰাকীয়ে।
আগুন্তুক ৰঙালী বিহুৰ বতৰত বিক্ৰী কৰি ধন উপাৰ্জনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আশা প্ৰকাশ কৰিছে শিল্পী গৰাকীয়ে৷ গাঁওবাসীৰ লগতে সাংস্কৃতিকপ্ৰেমী ৰাইজেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে যুৱশিল্পী পল্লৱ জমৰ এনে প্ৰচেষ্টাক প্ৰসংশা কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰিছে৷
Also Read: স্মাৰ্ট মিটাৰে হ্ৰাস কৰে বিদ্যুতৰ মাচুল...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us