চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱা শিক্ষক দম্পতীৰ ঘৰত চোৰৰ চাফাই অভিযান

জামুগুৰিহাটত ধাৰাবাহিক ভাবেই চলি আছে গভাইত চোৰৰ তাণ্ডৱ

author-image
Asomiya Pratidin
New Update
চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱা শিক্ষক দম্পতীৰ ঘৰত চোৰৰ চাফাই অভিযান

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত ধাৰাবাহিক ভাবেই চলি আছে গভাইত চোৰৰ তাণ্ডৱ ।এদিন পূৰ্বে জামুগুৰিহাটৰ ধলাইবিলৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ ঘৰত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতে এইবাৰ অঞ্চলটোৰ কুসুমটোলাত চোৰে চলালে চাফাই অভিযান।

Advertisment

কুসুমটোলাৰ এম,প্ৰসাদ নেওঁপানী নামৰ শিক্ষকজনৰ ঘৰৰ পৰা চোৰে লুটি নিলে কেইবালক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন। চিকিৎসাৰ বাবে ১৭জুলাইত শিক্ষকজনে পত্নীৰ সৈতে চেন্নাইলৈ যোৱাৰ পিছত ঘুৰি আহি সোমবাৰে পুৱা নিজৰ ঘৰত উপস্থিত হৈ চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে।

পিছৰ ফালৰ দুৱাৰ ভাঙি চোৰ প্ৰৱেশ কৰি গডৰেজৰ ল'ক খুলি লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধনলৈ উধাও হয়। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰাম্ভ কৰিছে। উল্লেখ্য যে যোৱা দুই তিনিমাহৰ ভিতৰত জামুগুৰিহাটৰ বিভিন্ন স্থানত ধাৰবাহিক ভাবে কেইবাটাও চুৰিকাণ্ড সংঘটিত হোৱাকলৈ ৰাইজ শংকিত হৈ পৰিছে।

Also Read: হানি-খুঁচি হত্যা এজন গৃহৰক্ষী জোৱানক...

Assam police