জামুগুৰিহাটত টুপিয়া চাহ বাগিছাৰ চাহ শ্ৰমিকৰ প্ৰতিবাদ...

জামুগুৰিহাটৰ টুপিয়া চাহ বাগিছাৰ চাহ শ্ৰমিক তথা আদিবাসী ৰাইজৰ দ্বাৰা চাহজনগোষ্ঠীৰ প্ৰমান পত্ৰ( OBC) দাহ ৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত  টুপিয়া চাহ বাগিছাৰ চাহ শ্ৰমিকৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া চাহ বাগিছাৰ চাহ শ্ৰমিক তথা আদিবাসী ৰাইজৰ দ্বাৰা চাহজনগোষ্ঠীৰ প্ৰমান পত্ৰ( OBC) দাহ ৷ চাহ শ্ৰমিক সকলক চাহ জনগোষ্ঠীৰ স্বীকৃতি প্ৰদানৰ বিৰোধিতা আদিবাসী জনগোষ্ঠীৰ ৷ চাহ শ্ৰমিক সকল কেতিয়াও চাহ জনগোষ্ঠী হ'ব নোৱাৰে বুলি কয় প্ৰতিবাদকাৰীসকলে ৷

Advertisment

চাহ শ্ৰমিক সকলক আদিবাসী জনগোষ্ঠীৰ মৰ্যাদা ও স্বীকৃতি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী সকলৰ ৷ চৰকাৰৰ বিৰূদ্ধে আদিবাসী ছাত্ৰসন্থা ( AASA)ৰ নদুৱাৰ আঞ্চলিক আৰু উত্তৰ নদুৱাৰ শাখাৰ সহযোগত চাহ শ্ৰমিক আদিবাসী ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

চাহ জনগোষ্ঠীৰ হৈ মাত মাতিবলৈ গৈ বিৰূপ মন্তব্য কৰা পদ্মশ্ৰী দুলাল মাংকিৰ বিৰূদ্ধে গৰজি উঠে প্ৰতিবাদকাৰী ৰাইজে। দুলাল মাংকিক মন্তব্য উঠাই লোৱাৰ দাবী তেওঁলোকৰ ৷

Also Read: নগাঁৱত ধনৰ বিনিময়ত চাকৰি !