ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ৰঙাচকুৱাত ১৩ আগষ্টৰ দিনা অখিল ভাৰতীয় নেৱাৰ সন্থাই তেওঁলোকৰ প্ৰাপ্য দাবীসমূহ সমাধানৰ বাবে এক সংবাদমেলৰ আয়োজন কৰে ৷ নেৱাৰ সন্থাৰ শোণিতপুৰ জিলা কমিটিয়ে আয়োজন কৰা এই সংবাদমেলত তেওঁলোক OBC আদায়ৰ দাবীত সৰব হৈ পৰে ৷
সংবাদমেলত কয় যে, অসম চৰকাৰে আমাক কেবিনেটত OBC ৰ মৰ্যাদা দিয়ে যদিও ভাৰত চৰকাৰৰ তথ্যত আমাক OBC মৰ্যাদা দিয়া হোৱা নাই ৷ সেয়ে অসম চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক আমি এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছো ৷
দেশৰ অন্যান্য প্ৰান্তত নেৱাৰ সকলক OBC ৰ সম্পূৰ্ণ মৰ্য্যদা দি আহিছে যদিও অসমত ইয়াৰ সম্পূৰ্ণ ওলোটা হোৱাত আমি সমস্যাত পৰিছো বুলি মন্তব্য কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে ৷ সংবাদমেলত অংশগ্ৰহণ কৰে অখিল ভাৰতীয় নেৱাৰ সন্থাৰ ৰাজ্যিক সভাপতি লীল বাহাদুৰ প্ৰধান আৰু সম্পাদক নীল কমল নেৱাৰৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ।