/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/02fe005b-30b3-4678-a10f-949099d9638d/Drugs_xxx.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ ঘটনা। বিভিন্ন ঠাইত আৰক্ষীয়ে এই ক্ষেত্ৰত বহু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও ৰোধ কৰিব পৰা নাই ড্ৰাগছ। এইবাৰ চতিয়া আৰক্ষীৰ হাতত পুনৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী ৷
বৃহস্পতিবাৰে পুৱতি নিশা জামুগুৰিহাটৰ সমীপৰ ইটাখোলাৰ পৰা ড্ৰাগছসহ আটক কৰে সৰবৰাহকাৰী জনক ৷ ধৃত সৰবৰাহকাৰী জনৰ নাম জাহিৰুল আলি বুলি জানিব পৰা গৈছে ৷ চতিয়া আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় সৰবৰাহকাৰী জনক৷
উল্লখ্য যে, আৰক্ষীয়ে সৰবৰাহকাৰী জনৰ পৰা ১০ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে ৷ আনহাতে ধৃত জাহিৰুল দীৰ্ঘদিনৰ পৰা জড়িত আছিল অবৈধ ড্ৰাগছ ব্যৱসায়ৰ লগত।
Also Read: ২৭ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ঢকুৱাখনাত বিহুৰ আখৰা...