কুৰিৰো অধিক বিহুৱা দলৰ ঢোল-পেঁপা -গগনাৰ মাতৰে মুখৰিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ...

কুৰিৰো অধিক বিহুৱা দলৰ ঢোল-পেঁপা -গগনাৰ মাতৰে মুখৰিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ কুৰিৰো অধিক বিহুৱা দলৰ ঢোল পেঁপা গগনাৰ মাতৰে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ বিহুমেলাৰ বাকৰি।অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ ৬৩ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা উপলক্ষে দেওবাৰে বিয়লিৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতা খনিত সন্ধিয়ালৈকে বিহুদল সমুহে বিহু প্ৰদৰ্শন কৰে।

বিয়লিৰ ভাগত বৃত্তাকাৰ চৌহদত এটি এটিকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুদল সমুহ প্ৰবেশ কৰি প্ৰায় তিনিঘন্টাৰো অধিক সময় বিহু গীত নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷ একেসময়তে শ শ ঢুলীয়া নাচনীয়ে বৃত্তাকাৰ চৌহদৰ ভিতৰত নাচে এই বিহু ।প্ৰতিকুল বতৰকো নেওচি প্ৰায় ১০ সহস্ৰাধিক ৰাইজে প্ৰাণভৰি উপভোগ কৰে অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ বৰপুখুৰীপাৰৰ মুকলি বিহুৰ বিনন্দীয়া ৰূপ। ইতিমধ্যে কেতিয়াবাই সোঁণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি এইবেলি ৬৩ সংখ্যক বৰ্ষত ভৰি দিয়া জামুগুৰিহাটৰ এই ঐতিহ্যমণ্ডিত মুকলি বিহু প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ।

সদৌ অসম ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাখনিত ঢেকীয়াজুলিৰ ৰূপজ্যোতি বিহুৱা দলে সৰ্বশ্ৰেষ্ঠ বিহুৱা দল,কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ বিহুৱা দলে প্ৰথম শ্ৰেষ্ঠ,জামুগুৰিহাটৰ ভৰলীপৰিয়া বিহুৱা দলে দ্বিতীয় শ্ৰেষ্ঠ আৰু শিলঘাটৰ মন বহাগী বিহুৱা দলে তৃতীয় শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ লাভ কৰে৷আনহাতে কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ বিহুৱা দলৰ প্ৰত্যাশী মহন্তই শ্ৰেষ্ঠা বিহুকুঁৱৰী,কলাবাৰীৰ প্ৰাগজ্যোতিষ বিহুৱা দলৰ বিতু বৰুবাই শ্ৰেষ্ঠ বিহু কোঁৱৰ আৰু জামুগুৰিহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বিহু দলৰ লোকেন হাজৰিকাই শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰে৷প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশত ধাৰাবাহিকতা অক্ষুন্ন ৰাখি বছৰ বছৰ ধৰি জামুগুৰিয়া ৰাইজে অনুষ্ঠিত কৰি অহা এই বিহুমেলাই ইতিমধ্যেই এক সুকীয়া স্হান দখল কৰিবলৈ সক্ষম হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in