এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ...

নল স্থাপন কৰিলে ঠিকেই,পিছে জলজীৱন মিছনৰ নলৰ পৰা নোলায় এটুপিও বিশুদ্ধ পানী ৷ ধোঁৱা চাঙত জলজীৱন মিছন আঁচনি ৷ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী

author-image
Asomiya Pratidin
New Update
jhjs

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নল স্থাপন কৰিলে ঠিকেই,পিছে জলজীৱন মিছনৰ নলৰ পৰা নোলায় এটুপিও বিশুদ্ধ পানী ৷ ধোঁৱা চাঙত জলজীৱন মিছন আঁচনি ৷ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা ব্যয় কৰি জল জীবন আঁচনিখন ৰূপায়ণ কৰিছিল যদিও কার্য্যত একাংশ জল জীৱন মিছন আঁচনিৰ পৰা ৰাইজে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই।  

ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ ২ নং পানী যোগান আঁচনি খনৰ পৰা ৰাইজে লাভ কৰা নাই এটুপি বিশুদ্ধ খোৱা পানী ৷  বৰ্তমান বিকল অৱস্থাত পৰি আছে আঁচনিখন ৷ অঞ্চলটোত বসবাস কৰা শতাধিক ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৷  

প্ৰায় দুবছৰ পূৰ্ৱে আঁচনিখনৰ কাম ঠিকাদাৰে আৰম্ভ কৰিছিল যদিও বৰ্ত্তমানলৈকে  ৰাইজক এটুপিও বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সক্ষম নহ’ল ৷ ধেন্দাই চাহ বাগিচাৰ ৰাইজে এতিয়া এটুপি  বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৷ ৰাইজে জনস্বাস্থ্য কৰিকৰী বিভাগক শীঘ্ৰে ধেন্দাই চাহ বাগিচাৰ ২ নং পানী যোগান আঁচনিখন কাৰ্য্যক্ষম কৰি ৰাইজক  বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ দাবী জনাইছে ৷ 

পানী