চাৰিগাওঁ যুৱক সংঘৰ উদ্যোগত দীপাংকৰ শইকীয়াৰ স্মৃতিচাৰণ সভা

চাৰিগাওঁ যুৱক সংঘৰ উদ্যোগত দীপাংকৰ শইকীয়াৰ স্মৃতিচাৰণ সভা

author-image
Asomiya Pratidin
New Update
 চাৰিগাওঁ যুৱক সংঘৰ উদ্যোগত দীপাংকৰ শইকীয়াৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ গেৰেকীচুকৰ চাৰিগাওঁ যুৱক সংঘৰ উদ্যোগত মঙলবাৰে প্ৰয়াত যুৱ সমাজকৰ্মী, সুদক্ষ অভিনেতা ভাওনা শিল্পী দীপাংকৰ শইকীয়াৰ স্মৃতিত অনুষ্ঠিত হয় এক স্মৃতি চাৰণ সভা ৷ প্ৰয়াত সমাজকৰ্মী গৰাকীৰ বাসগৃহত অনুষ্ঠিত এই স্মৃতিচাৰণ সভাত অভিনেতা গৰাকীৰ জীৱন দৰ্শন, তথা কৰ্মৰাজীৰ ওপৰত “স্মৃতিৰ সফুৰা”নামেৰে এখনি গ্ৰন্থও উন্মোচন কৰা হয় ৷

Advertisment

স্মৃতি গ্ৰন্থ খনিৰ শুভ উন্মোচন কৰে নদুৱাৰ প্ৰেছ ক্লাৱৰ মূখ্য সম্পাদক ফণীন্দ্ৰ বৰুৱাই ৷ বিশিষ্ট সমাজকৰ্মী গিৰিশ বৰাৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনিত দীপাংকৰ শইকীয়াৰ নাট্য কৰ্ম আৰু ভাওনা শিল্পৰ ওপৰত আলোকপাত কৰে বিভিন্নজনে ৷ স্মৃতিচাৰণ সভাখনিত অঞ্চলটোৰ দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে যোৱা ১১ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ গেৰেকীচুক গাওঁ নিৱাসী যুৱ সমাজকৰ্মী,সুদক্ষ অভিনেতা তথা ভাওনা শিল্পী দীপাংকৰ শইকীয়াৰ ৫৩ বছৰ বয়সত অকাল বিয়োগ ঘটিছিল ৷

Also Read: জোনালী দাসৰ সোণালী যাত্ৰা...