/asomiyapratidin/media/media_files/2026/01/14/ujjjdd-2026-01-14-14-22-22.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ মাঘবিহুৰ দিনাই পৰম্পৰাগত খেলধেমালিত অংশ গ্ৰহণ কৰি আনন্দ উল্লাসত মতলীয়া হয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ জামুগুৰিহাটৰ ভৰলী পৰীয়া কন্যকা কৃষি পামত এই দৰেই বিধায়ক পদ্ম হাজৰিকাই কলহ ভঙা খেল প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা দেখা যায় ৷
উল্লেখ্য যে, বিগত বৰ্ষৰ দৰে এই বৰ্ষও ভৰলী পৰীয়া কন্যকা কৃষি পামত পৰম্পৰাগত ৰিতীনিতীৰ মাজেৰে মেজিত অগ্নি সংযোগ কৰি সকলোৰে মংগল কামনা কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ অনুষ্ঠানটিত স্হানীয় মৰনাকুৰি গাঁওবাসী ৰাইজেও অংশগ্ৰহণ কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us