বিধায়ক পদ্ম হাজৰিকাৰ দিকৰাইত বিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু বিনামূলীয়া চাইকেল বিতৰণ...

বিধায়ক পদ্ম হাজৰিকাৰ দিকৰাইত বিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু বিনামূলীয়া চাইকেল বিতৰণ...

author-image
Asomiya Pratidin
New Update
বিধায়ক পদ্ম হাজৰিকাৰ দিকৰাইত বিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু বিনামূলীয়া চাইকেল বিতৰণ...

বিধায়ক পদ্ম হাজৰিকাৰ দিকৰাইত বিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু বিনামূলীয়া চাইকেল বিতৰণ...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই আজি চতিয়া সমষ্টিক দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজ্য চৰকাৰে আগবঢ়োৱা বিনামূলীয়া চাইকেলসমূহ বিতণৰ কৰে। বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ২৪৩ গৰাকী শিক্ষাৰ্থীক বিনামূলীয়া এই চাইকেলসমূহ আনুষ্ঠানিকভাৱে তেওঁ প্ৰদান কৰে।

Advertisment

ইয়াৰোপৰি তেওঁ বিদ্যালয়খনত পি এম চি আঁচনিৰ অধীনত অসম চৰকাৰে আগবঢ়োৱা ১৭ লাখ ৯০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া বিদ্যালয়ৰ ভৱনৰো আধাৰশিলা স্থাপন কৰে। এই দুয়োটা কাৰ্যসূচীতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ উপৰিও সমূহ শিক্ষৰ-শিক্ষয়িত্ৰী, কৰ্মচাৰী শিক্ষাৰ্থী, চতিয়া আঞ্চলিক পঞ্চায়ৰ সভাপতি লক্ষীকান্ত বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

এই কাৰ্যসূচীৰ মাজতে বিধায়ক হাজৰিকাই বিদ্যালয়খনত বৃক্ষৰোপো কৰে।

Also Read: 'কা' বিৰোধী আগতেওঁ আছিলো এতিয়াও আছোঁ- জুবিন গাৰ্গ

জামুগুৰিহাট পদ্ম হাজৰিকা