জামুগুৰিহাটৰ চামধৰা পানীগাঁৱৰ জামে মছজিদ শুভ উদ্বোধন

সোমবাৰে এটি নৱ নিৰ্মিত জামে মছজিদ উদ্বোধন কৰি হিন্দু মুছলমানৰ সমন্বয়ৰ এক নিদৰ্শন দাঙি ধৰিলে

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ চামধৰা পানীগাঁৱৰ জামে মছজিদ শুভ উদ্বোধন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ চামধৰা পানীগাঁৱৰ ৰাইজে সোমবাৰে এটি নৱ নিৰ্মিত জামে মছজিদ উদ্বোধন কৰি হিন্দু মুছলমানৰ সমন্বয়ৰ এক নিদৰ্শন দাঙি ধৰিলে ৷ একেখন গাঁৱত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা লোক সকলৰ মাজৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ কমল ৰাজবংশী, অসম আন্দোলন সতীৰ্থ মঞ্চৰ সভাপতি পূৰ্ণ হাজৰিকা,নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি দীপক বৰাকে ধৰি কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে আজি মছজিদৰ উদ্ধোধনী অনুষ্ঠানটিত অংগ্ৰহন কৰে।

Advertisment

লগতে মচজিদৰ ভিতৰত সকলো ৰাইজৰ লগত একলগে বহি সমাজ তথা দেশৰ মংগল ও বিশ্বশান্তি হকে কৰুণাময় আল্লাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে৷এই সকলৰ মাজৰে মূখ্য আতিথি কমল ৰাজংশীয়ে কয় যে এইখন গাঁৱত আমি দীৰ্ঘদিনৰ পৰাই একেলগে বসবাস কৰি ভাতৃত্ববোধৰে জীয়াই আছো৷আমাৰ দ্বাৰা আয়োজিত বিবাহ ধৰ্মীয় অনুষ্ঠান আদিতো গাঁওবাসীয়ে অংশগ্ৰহণ কৰি আমাক হাতে কামে লাগি সহায় সহযোগীতা আগবঢ়াই আহিছে৷

আন এগৰাকী বিশিষ্ট অতিথি পূৰ্ণ হজৰিকাই কয় যে এইখন শংকৰ আজানৰ মিলন ভূমি ৷ইয়াত আমি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পিবলৈ নিদিও৷ এইখন গাঁৱৰ ৰাইজে শংকৰী কলাকৃষ্টিক আদৰি লৈ জামুগুৰিহটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনত সহযোগীতা আগবঢ়াই ২১ খনকৈ খলা নিৰ্মাণৰ কামত অংশগ্ৰহণ কৰিছিল ৷ চামধৰা পানীগাঁৱৰ যুৱক তথা গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আৰমান আলিৰ বিশেষ তৎপৰাত গাঁওবাসী ৰাইজৰ দান বৰঙনিৰে আটক ধুনীয়াকৈ নিৰ্মান কৰি উলিওৱা বৃহৎ আকাৰৰ জামে মছজিদটোৰ ভিতৰত পাঁচ ওৱক্তৰ নামাজ পঢ়ি কৰা দোৱা প্ৰাৰ্থনাৰ জৰিয়তে সকলো ৰাইজে যাতে নিজৰ নিজৰ আশা আকাংক্ষা মনোবাঞ্চা পুৰন কৰিব পাৰে তাৰেই কামনা কৰে হিন্দু ধৰ্মালম্বী বিশিষ্ট ব্যক্তি কেইগৰাকীয়ে ।

পূৱভৰলী মুচলিম জনকল্যাণ পৰিষদৰ সভাপতি চাজাহান আহমেদে আতধৰা অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি সকলৰ লগতে বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত আতিথি মৌলানা আৰু মৌলবী সকলক মচজিদ কমিটিৰ তৰফৰ পৰা অসমীয়াৰ বাপতিসাহোন ফুলাম গামোচাৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷

Also Read: জনজাতিকৰণক কেন্দ্ৰ কৰি দুই আদিবাসী সংগঠনৰ মাজত বিভেদ