
ডিজিটেল সংবাদ, গোলাঘাটঃ জনজাতিকৰণক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যত আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত বিভেদ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ এটা মন্তব্যক লৈ কিছু দিনৰ পূৰ্বে ডিব্ৰুগড় জিলাৰ লাহোৱালত চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰদীপ নাগৰ প্ৰতিকৃতি দাহ কৰা ঘটনাৰ পিছত দুয়োটা সংগঠনৰ মাজত সংঘাত বৃদ্ধি পাইছে।
ঠাই বিশেষে অসমৰ চাহ বাগিচা এলেকাত আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে চাহ জনজাতি ছাত্র সন্থাই। ইয়াৰ ব্যতিক্ৰম নহয় গোলাঘাট জিলাৰ মক্ৰং চাহ বাগিছাও। ইতিমধ্যে সমগ্ৰ গোলাঘাট জিলাৰ লগতে মক্ৰং চাহ বাগিছা এলেকাত চাহ জনজাতি ছাত্ৰ সন্থাই আছাৰ সভাপতি প্ৰদীপ নাগৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে।
কিন্তু এই ঘোষণাৰ পিছতেই আছাৰ মক্ৰং চাহ বাগিচা সমিতিয়ে নিজৰ শক্তি প্ৰদৰ্শনৰে দেওবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মক্ৰং চাহ বাগিছাৰ ১১ নম্বৰ ৰাজহুৱা খেলপথাৰত শতাধিক আছাৰ সমৰ্থক ওলাই আহি আছা জিন্দাবাদ, প্ৰদীপ নাগ জিন্দাবাদ ধ্বনিৰে খেলপথাৰ উত্তাল কৰি তোলে।
আছাৰ মক্ৰং চাহ বাগিছা সমিতিৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দি কয় যে- চৰকাৰে আদিবাসী লোকসকলক চাহ জনগোষ্ঠী নামকৰণেৰে জাতিৰ প্ৰমাণপত্ৰ দিয়া কাৰ্যক আছাই কোনোপধ্যে মানি নলয়। তাৰোপৰি জনজাতিকৰণৰ বিষয়টোক লৈ চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ মাজত সৃষ্টি হোৱা বিৰ্তকৰ ওৰ পেলাবলৈ প্ৰয়োজনত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক বিষয়টোত হস্তক্ষেপ কৰাৰো আহ্বান জনায় আছাৰ প্ৰতিবাদকাৰীসকলে।