এহাল দম্পতীৰ হাতত প্ৰাণ পাই উঠিছে অসমীয়াৰ স্বাভিমান জাপি

ৰিন্টু শইকীয়া আৰু ৰ্নিমালী শইকীয়াই নিজৰ ঘৰতে অসমীয়াৰ স্বাভীমান জাপি নিৰ্মানৰ কামত আত্ম নিয়োগ কৰি নিজক স্বাৱলম্বী কৰাৰ লগতে আন ১২ গৰাকী লোকক স্ব নিৰ্ভৰশীল কৰি তুলিছে

author-image
Asomiya Pratidin
New Update
এহাল দম্পতীৰ হাতত প্ৰাণ পাই উঠিছে অসমীয়াৰ স্বাভিমান জাপি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপীয়াৰ নিবাসী শিল্পী ৰিন্টু শইকীয়া আৰু ৰ্নিমালী শইকীয়াই নিজৰ ঘৰতে অসমীয়াৰ স্বাভীমান জাপি নিৰ্মানৰ কামত আত্ম নিয়োগ কৰি নিজক স্বাৱলম্বী কৰাৰ লগতে আন ১২ গৰাকী লোকক স্ব নিৰ্ভৰশীল কৰি তুলিছে । ৰিন্টু নিৰ্মালী নামৰ শিল্পী দম্পতিয়ে বিভিন্ন সময়ত অসমীয়াৰ স্বাভিমান জাপি,আকৰ্ষণীয় গহনা , গগনা , ফুলি আদি বনাই বিভিন্ন প্ৰান্ততৰ ৰাইজৰ দ্বাৰা বিশেষ সমাদৰ লাভ কৰাৰ লগতে যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

Advertisment

এওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শিল্প কলা সমুহে বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত বিশেষ ভাবে চৰ্চ্ছা লাভ কৰিছে।এই দম্পতীয়ে ইতিমধ্যে প্ৰায় ১৮ ফুট উচ্চতাৰ এক আকৰ্ষণীয় জাপি নিৰ্মাণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যাকা বহুমুখী পামলৈ‌ আগবঢ়াইছে বুলি জনাইছে৷

বৰ্তমান তেওঁ লোক দিনে নিশাই ব্যস্ত হৈ পৰিছে অহা ৬ মাৰ্চৰ পৰা অনুষ্ঠিত হব লগা জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰদৰ্শনীৰ‌ বাবে প্ৰায় ৭/৮ ফুট উচ্চতা কেইবা শতাধিক জাপি নিৰ্মাণৰ কামত ।প্ৰদৰ্শনী স্হলীত বাৰেচহৰীয়া ভাওনাৰ দৰ্শনাৰ্থী ৰাইজে ছেল্ফি লব পৰাকৈ বহুকেইটা জাপিৰে এটি ছেল্ফি পইন্ট আটক ধুনীয়াকৈ নিৰ্মান কৰি দিয়াৰ প্ৰস্তুতি চলাইছে বুলিও জানিবলৈ দিছে শিল্পী ৰিন্টু শইকীয়াই।

Also Read: আজি বিশ্ব বন্যপ্ৰাণী দিৱস, সমগ্ৰ বিশ্বই কৰিব পালন...

japi