জামুগুৰিহাটত অগ্নিকাণ্ড

জামুগুৰিহাটত

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত অগ্নিকাণ্ড

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিল চামধৰা গাঁৱত বুধবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।গাঁওখনৰ বাচু হেমৰেণ নামৰ যুৱকজনৰ ঘৰৰ কাষত থকা ধানখেৰৰ মেজিত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ ফলত দাউদাউকৈ জ্বলি উঠে খেৰৰ মেজি।

Advertisment

গৃহস্থই অগ্নি নিৰ্বাপক বাহিনীক ততাতৈয়াকৈ খবৰ দিয়াত অগ্নি নিৰ্বাপক আহি ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ লগত মিলি অগ্নি নিৰ্বাপন কৰে । কিন্তু প্ৰায় ৮ বিঘাৰো অধিক মাটিৰ ধানখেৰ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়।সৌভাগ্যক্ৰমে থকা ঘৰলৈ জুই সম্প্ৰসাৰিত নহ'ল বাবেই পৰিয়ালটো ৰক্ষা পৰে ৷

Also Read: অফাৰ...