জামুগুৰিহাটত বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পী সকল

জামুগুৰিহাটত বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পী সকল

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মৃৎশিল্পী সকল

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ বিশ্বকৰ্মা পূজা সমাগত।অসমৰ অনান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো বিশ্বকৰ্মা পূজা উপলক্ষে মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে মূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত।

Advertisment

দহোবন কাটি কৰি এতিয়া দিনে নিশাই বিশ্বখনিকৰৰ মূৰ্তি নিৰ্মাণত ব্যস্ত জামুগুৰিহাটৰ মৃৎ শিল্পীসকল।ইয়াৰ মাজতে জামুগুৰিহাটৰ কোঁচ গাঁৱৰ মৃৎ শিল্পী গোপাল বৰকটকীয়েও বিশ্বকৰ্মা পূজা উপলক্ষ্যে ৯০ টাতকৈ অধিক মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে।

শিল্পী গৰাকীয়ে নিৰ্মাণ কৰা মূৰ্তিসমূহ অকল জামুগুৰিহাটতে নহয় শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তলৈ নিয়া হ'ব । উল্লেখ্য যে, ১৭ ছেপ্টেম্বৰত পালন কৰা হ'ব বিশ্বকৰ্মা পূজা।

Also Read: পাঠদান চলি থাকোতেই বিদ্যালয়ৰ পৰা ছাত্ৰক অপহৰণ...